ইচ্ছামৃত্যুক স্বীকৃতি দিলে উচ্চতম ন্যায়ালয়ে

In ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

অনলাইন ডেস্ক, সংবাদ ৩৬৫, ৯ মাৰ্চ: শুক্ৰবাৰে উচ্চতম ন্যায়ালয়ে ইচ্ছামৃত্যুক লৈ এক ইতিহাসক ৰায়দান প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ে কিছুমান চৰ্তৰ বৃত্তিত ভাৰতবাসীক ইচ্ছামৃত্যুৰ অধিকাৰ প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সদস্যৰ ডিভিছন বেঞ্চে শুক্ৰবাৰে ইচ্ছামৃত্যুৰ অধিকাৰৰ ৰায়দান প্ৰদান কৰি এই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰক উপযুক্ত আইন প্ৰণয়ন কৰাৰ নিৰ্দেশ দিয়ে। কেন্দ্ৰ চৰকাৰে এই ক্ষেত্ৰ আইন প্ৰণয়ন নৰকা পৰ্যন্ত উচ্চতম ন্যায়ালয়ৰ চৰ্ত অনুসৰি দেশবাসীয়ে এই অধিকাৰ পাব। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজনে ইচ্ছামৃত্যু বিচাৰি প্ৰশাসনৰক আবেদন জনাইছিল। এটা ক্ষেত্ৰত বেচৰকাৰী সন্থা এটাও উচ্চতম ন্যায়ালয়ত আৱেদন কৰিছিল। ভাৰতীয় সংবিধান অনুসৰি আত্মহত্যা অপৰাধ আৰু ইচ্ছামৃত্যুৰ ক্ষেত্ৰতো দেশত কোনো আইন নাই।

Comments

comments

You may also read!

ভ্ৰাম্যমাণ জগতৰ এজন সুদক্ষ অভিনেতা গুঞ্জন চৌধুৰী

অজয় দাসৰ সহযোগত ধনজিৎ দাস গুঞ্জন চৌধুৰী ভ্ৰাম্যমাণ জগতৰ সাম্প্ৰতিক সময়ৰ এজন সুদক্ষ আৰু প্ৰতিভাবান অভিনেতা যিজন অভিনেতাই নিজৰ

Read More...

মহিলা যাত্ৰীক নৈশ বাছত ধৰ্ষণৰ চেষ্টা

শদিয়াত, সংবাদ ৩৬৫, ২১ মেঃ নাৰীৰ ওপৰত নিৰ্যাতন আৰু ধৰ্ষণৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধাৰা সময়তে এইবাৰ নৈশ বাছৰ কৰ্মচাৰীয়ে

Read More...

পথৰ ওপৰত নিশা সন্তান প্ৰসৱ কৰিলে এগৰাকী মহিলাই

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ২১ মেঃ গোৱালপাৰা জিলাৰ জীয়াগুৰীত পথৰ ওপৰত, নিশাৰ আন্ধাৰত এগৰাকী মহিলাই সন্তান প্ৰসৱ

Read More...

Mobile Sliding Menu