এইবাৰ কোকৰাঝাৰত ভাঙি পেলোৱা হল শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি

In ৰাজ্য

কোকৰাঝাৰ, সংবাদ ৩৬৫, ১৪ মাৰ্চ: মঙলবাৰে নিশা দুৰ্বৃত্তই কোকৰাঝাৰ চহৰৰ ৰবীন্দ্ৰ নগৰত থকা শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। স্থানীয় বিজেপি কৰ্মীসকলে এই ঘটনাৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে অতি শীঘ্ৰে এই ঘটনাৰ লগত জড়িত ব্যক্তিক আটক কৰিবলৈ দাবী জনাইছে। কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে জানিবলৈ দিয়া মতে আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত ব্যক্তিক বিচাৰি অনুসন্ধান আৰম্ভ কৰিছে। ইয়াৰ পূৰ্বেও কলকাতাত শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱা হৈছিল। উল্লেখ্য যে, ত্ৰিপুৰাত ২৫ বছৰীয়া চিপিআই (এম)ৰ শাসনৰ সমাপ্তি ঘটাই বিজেপি ক্ষমতালৈ অহাৰ পিছত পশ্চিম ত্ৰিপুৰাৰ বেলোনিয়াত একাংশ উদণ্ড বিজেপি কৰ্মীয়ে বুলডজাৰ লগাই বিশ্বপ্ৰসিদ্ধ বাওঁপন্থী নেতা লেনিনৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তত বিশিষ্ট ব্যক্তি সকলৰ প্ৰতিমূৰ্তিৰ ওপৰত আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে। তামিলনাডুতো কিছুদিন পূৰ্বে বিশিষ্ট ৰাজনীতিবিদ আৰু সমাজ সংস্কাৰক পেৰিয়াৰৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাৰ লগতে বি আৰ আম্বেদকাৰ আৰু মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ ওপৰতো দেশৰ বিভিন্ন প্ৰান্তত আক্ৰমণ সংঘটিত হৈছিল। বিশিষ্ট ব্যক্তিৰ প্ৰতিমূৰ্তিৰ ওপৰত আক্ৰমণৰ ঘটনা অসমত এইটোৱে প্ৰথম।

Comments

comments

You may also read!

লংকাত পিষ্টল আৰু গুলীসহ তিনিজকৈ লোকক ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে

হোজাই, সংবাদ ৩৬৫, ২০ জুনঃ হোজাই জিলাৰ লংকাৰ নখুটী আৰক্ষী চকীৰ অন্তৰ্গত আমবাৰীত ৯ এম এম পিষ্টল আৰু ৬

Read More...

অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ ১৩ গৰাকীকৈ এ চি এছ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত

গুৱাহাটী, সংবাদ ৩৬৫, ২০ জুনঃ ৰাকেশ পালৰ বজাৰৰ পৰা চাকৰি ক্ৰয় কৰি সম্প্ৰীতি গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা

Read More...

ড্ৰাগছসহ পেঙেৰীত ড্ৰাগছ মাফিয়া আটক

ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ২০ জুনঃ তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষীয়ে বুধবাৰে এজন কুখ্যাত ড্ৰাগছ মাফিয়াক প্ৰায় ১ কিলোগ্ৰাম

Read More...

Mobile Sliding Menu