কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ১৩ফেব্ৰুৱাৰীঃ কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ১৩ ফেব্ৰুৱাৰী: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী চকীৰ অন্তৰ্গত কলেজিয়েট ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় আৰু নৱজ্যোতি মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ সমীপত চলি থকা এক দেহ ব্যৱসায়ৰ ঘটি ৰাইজে উৎখাত কৰে। জানিব পৰা মতে, অঞ্চলটোৰ ইনছাফ আলী নামৰ ব্যক্তি এজনে দীৰ্ঘ দিন ধৰি নিজ বাসগৃহত দেহ ব্যৱসায়ী চলাই আছিল। মঙলবাৰে কলগাছিয়াৰ বলাইপথাৰ গাঁৱৰ মিৰ ছবদুল নামৰ যুৱক এজনে দেলোৱাৰা খাতুন নামৰ এগৰাকী মহিলাক লৈ ইনছাফ আলীৰ বাসগৃহত প্ৰৱেশ কৰাৰ কিছু সময় পিছত ৰাইজে বাসগৃহটোত অভিযান চলাই দুয়োকে আটক কৰি আৰক্ষীক গতাই দিয়ে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ৰাইজে ইনছাফ আলীৰ বাসগৃহত কেইবাবাৰো অভিযান চলাই ইনছাফ আলীক আৰক্ষীক গতাই দিছিল কিন্তু প্ৰতিবাৰেই জেলৰ পৰা ওলাই আহি ইনছান এই ব্যৱসায়ৰ লগত জড়িত হৈ পৰে। এই ব্যৱসায় বন্ধ কৰি অপৰাধীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ ৰাইজে দাবী জনাইছে।
কলগাছিয়াত দেহ ব্যৱসায়ী চক্ৰ উৎখাত
In ৰাজ্য
You may also read!

অভয়াপুৰীত জেষ্ঠ নাগৰিকৰ ৰঙালী বিহু উদযাপন
বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ২২ এপ্ৰিলঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীত জেষ্ঠ নাগৰিক সন্থাৰ কাৰ্যালয়ৰ বাকৰিত দেওবাৰে সন্থাই উলহ মালহেৰে উদযাপন
Read More...
ফকিৰাগ্ৰাম আৰক্ষী চকীত গাঁওৰক্ষী বাহিনীৰ সভা : শিশু আৰু মহিলাৰ ওপৰত হোৱা নিৰ্যাতন প্ৰতিৰোধ সন্দৰ্ভত আলোচনা
কোকৰাঝাৰৰ পৰা কিশোৰ মীশ্ৰা, সংবাদ ৩৬৫, ২২ এপ্ৰিলঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী চকীৰ গাঁওৰক্ষী বাহিনীৰ সভাগৃহত দেওবাৰে শিশু আৰু মহিলা
Read More...
সেনাক সহযোগ কৰিবলৈ পাকঘৰ এৰি ওলাই আহিল মহিলা
নলবাৰীৰ পৰা কৈলাশ ডেকা, সংবাদ ৩৬৫, ২২ এপ্ৰিলঃ বাৰিষাৰ পূৰ্বে ভঙা মাথাউৰিক লৈ শংকিত হৈ পৰিছে ৰাজ্যৰ নৈ পৰিয়া ৰাইজ।
Read More...