কাংথিলাংছ’ত নিৰ্মাণ হ’ব নীলোৎপল আৰু অভিজিতৰ প্ৰতিমূৰ্তি

In ৰাজ্য

কাৰ্বি আংলঙ, সংবাদ ৩৬৫, ১২ জুনঃ কাৰ্বি আংলঙ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে কাৰ্বি আংলঙ জিলাৰ ডকমকাত নৃশংস হত্যাকাণ্ডৰ বলি হোৱা নীলোৎপল দাস আৰু অভিজিৎ নাথৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব ঘটনাস্থলী কাংথিলাংছ’ত। মঙলবাৰে এক সংবাদ মেল অনুষ্ঠিত কৰি তুলিৰাম ৰংহাঙে নীলোৎপল দাস আৰু অভিজিৎ নাথৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ লগতে নীলোৎপল দাস আৰু অভিজিৎ নাথৰ পৰিয়াললৈ ৫ লাখ টকাকৈ সাহায্য প্ৰদান কৰাৰ কথাও ঘোষণা কৰে। কাৰ্বি আংলঙ জিলাৰ ডকমকাত গুৱাহাটীৰ দুই যুৱক একাংশ অন্ধবিশ্বাসী লোকৰ নৃশংসতাৰ বলি হৈ মৃত্যুক সাৱটি লোৱাৰ ঘটনা সংঘটিত হোৱাৰ পিছদিনাই কাৰ্বি আংলঙ স্বায়ত্ত শাসিত পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাঙ ব্যক্তিগত স্বাৰ্থত লণ্ডনলৈ যোৱাত পৰিষদৰ মুৰব্বীজনৰ এই কাৰ্যই ছ’চিয়েল মিডিয়াটো বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ লগতে বিৰোধী দল কংগ্ৰেছেও কাৰ্বি আংলঙ মুৰব্বী তুলিৰাম ৰংহাঙ ক’ত আছে বুলি প্ৰশ্ন উত্থাপন কৰিছিল।

Comments

comments

You may also read!

বিজেপিৰ সভাপতি ফণি পাঠকৰ নেতৃত্বত পাঠশালাৰ ৰাজপথ হৈ পৰিছে সম্পুৰ্ণ গেৰুৱা

পাঠশালা, সংবাদ ৩৬৫, ১৩ ডিচেম্বৰ: বৃহস্পতিবাৰে পাঠশালাৰ ৰাজপথ সম্পূৰ্ণৰূপে হৈ পৰিছে গেৰুৱা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা

Read More...

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পিছতেই পুনৰ মূল্যবৃদ্ধি পেট্ৰল ডিজেলৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১৩ ডিচেম্বৰ: ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পিছতেই পুনৰ মূল্যবৃদ্ধিয়ে দেখা দিছে পেট্ৰল ডিজেলৰ। যোৱা এমাহ ধৰি

Read More...

বৰপেটাত পঞ্চায়ত নিৰ্বাচনী ফলাফল: ৰাজপথত উৎফুল্লিত সমৰ্থকসকলৰ টেম্পু, ট্ৰেক্টৰ লৈ কংগ্ৰেছ জিন্দাবাদ ধ্বনি

বৰপেটা, সংবাদ ৩৬৫, ১২ ডিচেম্বৰ: বুধবাৰে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। নিৰ্বাচনী ফলাফলক লৈ কি কংগ্ৰেছ, কি

Read More...

Mobile Sliding Menu