কুঁৱাত পৰি নাহৰফুটুকীৰ মৃত্যু

In ৰাজ্য

শিমলুগুৰি, ১১ জানুৱাৰীঃ শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ ৰামু দেওধাইগাঁৱৰ বিজিত দত্ত নামৰ এজন ব্যক্তিৰ গৃহত থকা কুঁৱাৰপৰা বৃহস্পতিবাৰে উদ্ধাৰ হয় এটি মৃত নাহৰফুটুকী বাঘ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহোঁতে কুঁৱাত পৰি নাহৰফুটুকী বাঘটোৰ মৃত্যু হোৱা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। শিৱসাগৰ জিলাৰ ৰামু দেউধাই গাৱঁত ব্যক্তি এজনৰ ঘৰত থকা গোহালিৰ পৰা বুধবাৰে নিশা ছাগলী ধৰিবলৈ আহোঁতে নাহৰফুটুকী বাঘটো কুঁৱাত পৰি যায়। বৃহস্পতিবাৰে পুৱা ঘৰৰ গৰাকীয়ে কুঁৱাৰ পৰা পানী তুলিবলৈ যাঁওতে নাহৰফুটুকী বাঘটো কুঁৱাত পৰি থকা প্ৰত্যক্ষ কৰে৷ ঘৰৰ গৰাকীয়ে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনস্থালি উপস্থিত হৈ মৃত নাহৰফুটুকী বাঘটোক কুঁৱাৰ পৰা উলিয়াই আনে।

Comments

comments

You may also read!

দক্ষিণগাঁৱৰ টিএবি মেমৰিয়ল জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম

গুৱাহাটীৰ পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ২৫ মেঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কাহিলিপাৰাৰ দক্ষিণগাঁওস্থিত টিএবি মেমৰিয়ল জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে

Read More...

দ্বিতীয়, চতুৰ্থ আৰু পঞ্চম স্থান লাভ কৰি উজলি উঠিল নলবাৰী

নলবাৰীৰ পৰা কৈলাশ ডেকা, সংবাদ ৩৬৫, ২৫ মেঃ নলবাৰী জিলাৰ টিহু হাইস্কুলৰ ছাত্র প্ৰীতপল বেজবৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ

Read More...

প্ৰতিবন্ধকতা আৰু দৰিদ্ৰতাক অতিক্ৰমি প্ৰথম বিভাগত উত্তীৰ্ণ হোজাইৰ জেবিন কৌচৰ

হোজাই, সংবাদ ৩৬৫, ২৫ মেঃ হোজাই জিলাৰ মোৰাঝাৰৰ জেবিন কৌচৰ এগৰাকী বিশেষ ভাৱে সক্ষম আৰু এজন সাধাৰণ গাড়ী চালকৰ

Read More...

Mobile Sliding Menu