তিনিচুকীয়াত ভয়াবহ পথ দুৰ্ঘটনাত তিনিজনৰ মৃত্যু

In ৰাজ্য

তিনিচুকীয়া, সংবাদ ৩৬৫, ১২ ফেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাৰ ৩৭ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছ সংযোগী পথত সোমবাৰে এক ভয়াৱহ পথ দূৰ্ঘটনা সংঘটিত হয়৷ তিনিচুকীয়াৰ পানীতোলা দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা এখন অট’ক বাইপাছ দিশৰ পৰা তিব্ৰগতিত অহা চিআৰপিএফৰ এমএইচ-১৪-এফ-৯৮৫৫ নম্বৰৰ গাড়ীখনে মহটিয়াই নিয়াত তিনিজন যাত্ৰীৰ থিতাতে মৃত্যু হয়৷ নিহত যাত্ৰী কেইজন তিলো চেতিয়া, ননী নাগ আৰু এগৰাকী দুবছৰীয়া কনমানি দিকশিতা মেচ বুলি চিনাক্ত কৰা হয়৷ আনহাতে এই দুৰ্ঘটনাত এঘাৰজনকৈ যাত্ৰী আহত হয়। আহতসকলক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও আটাইকে উন্নত চিকিৎসাৰ বাবে চিকিৎসকে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। দূৰ্ঘটনা সংঘটিত কৰা বাহনখন যানবাহন আৰক্ষীয়ে তিনিচুকীয়া সদৰ থানালৈ লৈ আহে৷ সোমবাৰৰ এই ভয়ংকৰ ঘটনাটোৱে সমগ্ৰ তিনিচুকীয়া জিলাত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

Comments

comments

You may also read!

বৰাগাঁৱত এখন ব্যতিক্ৰমী বিবাহ সম্পন্ন

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ জুলাইঃ বিবাহ এক সামাজিক বান্ধোন। হোমৰ জুইক সাক্ষী কৰি দৰা-কইনাৰ মিলন হয়। বুধবাৰে দেখিবলৈ পোৱা

Read More...

চৰকাৰৰ বাধাস্বত্বেও গুৱাহাটীত উপস্থিত হ’ল ডাঃ প্ৰবীন ভাই টোগড়ীয়া : মুখত কলাকাপোৰ পৰিধান কৰি উলাই আহিলে টোগড়ীয়া

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ জুলাইঃ চৰকাৰৰ বাধাস্বত্বেও গুৱাহাটীত উপস্থিত হ’ল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি ডাঃ প্ৰবীন ভাই টোগড়ীয়া ।

Read More...

বাক্সাত সক্ৰিয় মানৱদেহ সৰবৰাহকাৰীঃ গুজৰাটলৈ নি থকা অৱস্থাত ৰঙিয়াত উদ্ধাৰ ছয়গৰাকী যুৱতী

  বাক্সা, সংবাদ ৩৬৫, ১৮ জুলাইঃ বাক্সাত এতিয়াও সক্ৰিয় হৈ আছে মানৱদেহ সৰবৰাহকাৰী ৷ কৰ্ম সংস্থাপন দিয়াৰ প্ৰলোভন দি

Read More...

Mobile Sliding Menu