তিৱা কথাছবি ‘প্লাছাৰ’ দৃশ্যগ্ৰহন সম্পন্ন

In বিনোদন

জাগীৰোড, সংবাদ ৩৬৫, ২১ ফেব্ৰুৱাৰীঃ তিৱা জনগোষ্ঠীৰ সামাজিক জীৱনৰ বিভিন্ন প্ৰতিচ্ছবি দাঙি ধৰিবলৈ চেষ্টা কৰা তিৱা কথাছবি ‘প্লাছাৰ’ দৃশ্যগ্ৰহন সম্পন্ন হৈছে। ছবিখনত তিৱা জনগোষ্ঠীৰ সামাজিক জীৱনৰ বিভিন্ন প্ৰতিচ্ছবি দাঙি ধৰাৰ লগতে অন্ধবিশ্বাসক প্ৰাধান্য দিয়া হৈছে। ‘প্লাছাৰ’ শব্দৰ অৰ্থ হৈছে পোহৰ আৰু ছবিখনত সমাজত থকা অন্ধবিশ্বাস কিদৰে আঁতৰাই পোহৰৰ দিশত আগুৱাই যাব পাৰি তাকে দেখুৱাবলৈ চেষ্টা কৰা হৈছে। ৰুংচু খুংগুৰি তিৱা ফিল্ম চছাইটিৰ বেনাৰত নিৰ্মান কৰা ছবিখনৰ পৰিচালনা কৰিছে তুলসী মান্তা আৰু নিউটন মাছলাইয়ে। সম্পূৰ্ণ গাঁৱলীয়া আৰু মনোমোহা পাহাৰীয়া পৰিবেশৰ মাজত দৃশ্যগ্ৰহন কৰা ছবিখনত তিৱা জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিক প্ৰাধান্য দিয়াৰ লগতে দৰ্শকক আমোদ দিব পৰাকৈ বিভিন্ন ধৰণৰ দৃশ্য সংযোজন কৰা হৈছে। ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছে ক্ৰমে চাহিট পুমা, মিনালী পুমা, ফুলচন খলাৰ, ইনুচ খ্যামডিদ, সুৰেন্দ্ৰ মাদাৰ, বাবুল পুমা, টুইল খলাৰ, বিবিচিং মাছলাই আৰু নাৰায়ণ মিতি। ছবিখনত দিলৰাজ ডেকাৰ সঙ্গীতত কণ্ঠদান কৰিছে লিটুচিং মাছলাই আৰু মনালীয়ে। নিউটন মাছলাইৰ কাহিনী আৰু চিত্ৰনাট্যৰে নিৰ্মিত ছবিখনত ৰূপসজ্জা আৰু সাজসজ্জা কৰিছে চুমি আৰু লিটুচিং। ছবিখনৰ চিত্ৰগ্ৰহণ, সম্পাদনা আৰু একচন তুলসী মান্তাৰ। সম্পাদন কক্ষত থকা এই তিৱা ভাষাৰ ছবিখনত থাকিব অসমীয়া চাব টাইটেল।

Comments

comments

You may also read!

আজি কাতি বিহু: ৰাজ্যজুৰি পালন কৰা হ’ল কাতি বিহু

অভয়াপুৰী, সংবাদ ৩৬৫, ১৮ অক্টোবৰ: "তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰাম চন্দ্ৰই হৰ ধনু মাৰে"। আজি

Read More...

অসমৰ ক্ৰীয়া জগতৰ বাবে পুনৰ এক সুখবৰ: মিষ্টাৰ প্ৰতিযোগিতাত অংশগ্ৰহন কৰিবলৈ ইউৰোপলৈ ৰাওনা অসম সন্তান গোলাপ ৰাভা

বকো, সংবাদ ৩৬৫, ১৮ অক্টোবৰ: স্বৰ্ণকন্যা হিমা দাসৰ পিছতেই পুনৰ এক সুখবৰ কঢ়িয়াই আনিছে দক্ষিণ কামৰূপৰ বকোৰ গোলাপ ৰাভাই।

Read More...

বাক্সাৰ নাওকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা: নিহত ২, আহত ২

বাক্সা, সংবাদ ৩৬৫, ১৮ অক্টোবৰ: শাৰদীয় দুৰ্গোৎসৱৰ উখল মাখল পৰিৱেশৰ মাজতেই বাক্সা জিলাৰ নাওকাটাৰ জলঠেঙপাৰ চকত এক ভয়াৱহ পথ

Read More...

Mobile Sliding Menu