দুধনৈ, সংবাদ ৩৬৫, ১৫ এপ্ৰিলঃ গোৱালপাৰা জিলাৰ দুধনৈ থানাৰ অন্তৰ্গত আমগুৰি গাঁৱত আৰক্ষী আৰু সেনা বাহিনীয়ে অভিযান চলাই দুজন এনডিএফবি’ৰ কেডাৰ আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষী আৰু সেনা বাহিনীয়ে চিমাং বসুমতাৰী আৰু চালবিচন বসুমতাৰী নামৰ এনডিএফবি’ৰ কেডাৰ দুজনৰ পৰা দেশত নিৰ্মিত দুটা ৯ এমএম পিষ্টল, দুই ৰাউণ্ড সজীৱ গুলী, চাৰিটা খালি কাৰ্টিজ, দুটা মোবাইল ফোন, এখন বাইকৰ লগতে বহু আপত্তি জনক নথি পত্ৰ জব্দ কৰে৷ জানিব পৰা মতে এনডিএফবি’ৰ কেডাৰ দুয়োজনৰ ঘৰ চিৰাং জিলাত। দুধনৈ আৰক্ষীৰ দল আৰু সেনা বাহিনীয়ে এক গোপন সূত্ৰৰ পম খেদি দুধনৈৰ আমগুৰিত অভিযান চলাই এনডিএফবি’ৰ কেডাৰ দুজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। দুধনৈ আৰক্ষীয়ে দুয়োজন উগ্ৰপন্থীকে নিজৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে৷
দুধনৈত আৰক্ষীৰ জালত দুই এনডিএফবি’ৰ কেডাৰ
In ৰাজ্য
You may also read!

অভয়াপুৰীত জেষ্ঠ নাগৰিকৰ ৰঙালী বিহু উদযাপন
বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ২২ এপ্ৰিলঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীত জেষ্ঠ নাগৰিক সন্থাৰ কাৰ্যালয়ৰ বাকৰিত দেওবাৰে সন্থাই উলহ মালহেৰে উদযাপন
Read More...
ফকিৰাগ্ৰাম আৰক্ষী চকীত গাঁওৰক্ষী বাহিনীৰ সভা : শিশু আৰু মহিলাৰ ওপৰত হোৱা নিৰ্যাতন প্ৰতিৰোধ সন্দৰ্ভত আলোচনা
কোকৰাঝাৰৰ পৰা কিশোৰ মীশ্ৰা, সংবাদ ৩৬৫, ২২ এপ্ৰিলঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী চকীৰ গাঁওৰক্ষী বাহিনীৰ সভাগৃহত দেওবাৰে শিশু আৰু মহিলা
Read More...
সেনাক সহযোগ কৰিবলৈ পাকঘৰ এৰি ওলাই আহিল মহিলা
নলবাৰীৰ পৰা কৈলাশ ডেকা, সংবাদ ৩৬৫, ২২ এপ্ৰিলঃ বাৰিষাৰ পূৰ্বে ভঙা মাথাউৰিক লৈ শংকিত হৈ পৰিছে ৰাজ্যৰ নৈ পৰিয়া ৰাইজ।
Read More...