দ্বিতীয়, চতুৰ্থ আৰু পঞ্চম স্থান লাভ কৰি উজলি উঠিল নলবাৰী

In ৰাজ্য

নলবাৰীৰ পৰা কৈলাশ ডেকা, সংবাদ ৩৬৫, ২৫ মেঃ নলবাৰী জিলাৰ টিহু হাইস্কুলৰ ছাত্র প্ৰীতপল বেজবৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰি নলবাৰী লৈ গৌৰৱ কঠিয়াই আনিছে। টিহুৰ ভৱানী বেজবৰুৱাৰ পুত্ৰ প্ৰীতপল বেজবৰুৱা সৰুৰে পৰা অতি মেধাৱী ছাত্রজনক বিদ্যালয়ৰ শিক্ষকসকলৰ লগতে পৰিয়ালৰ বিভিন্নজনে পঢ়াৰ ক্ষেত্ৰত সহায় আগবঢ়াই আহিছিল। ভৱিষ্যতে এজন সফল অভিযন্তা হোৱাৰ সপোন প্ৰীতপল বেজবৰুৱাৰ। আনহাতে চিকিৎসক হোৱাৰ সপোন দেখিছে জিলাখনৰ চামতা ব্যক্তিগত খণ্ডৰ বিদ্যালয় নবোদয় জাতীয় বিদ্যালয়ৰ পৰা চতুৰ্থ স্থান লাভ কৰা দেৱাশীষ ভৰদ্বাজে। দেৱাশীষৰ পিতৃ মাতৃ দুযোজনে ভাৰতীয় ডাক বিভাগত কৰ্মৰত। টেষ্ট পৰীক্ষাৰ পিছত ছাত্ৰজনে দৈনিক ৭-৮ ঘন্টাকৈ পঢ়িছিল।ছাত্ৰজনৰ সফলতাত পিতৃ মাতৃৰ লগত সকলোৱে গৌৰৱ অনুভৱ কৰিছে। জিলাখনত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে পঞ্চম স্থান লাভ কৰি জিলাখনৰ বাবে গৌৰৱ কঢ়িয়াই অনা কৃষক জগদীশ দত্ত আৰু মিনা দত্তৰ পুত্ৰ ৰাজা স্নেহাছিছ গুপ্তা দত্ত। নলবাৰী বালিকৰিয়া বাসুদেৱ বিদ্যাপীঠৰ পৰা পঞ্চম স্থান লাভ কৰা ছাত্ৰজন ভবিষ্যতে এজন সেনা বিষয়া হোৱাৰ সপোন ৰছিছে। পুত্ৰৰ এই সফলতাত পিতৃ মাতৃৰ লগতে গাওঁ বাসী উৎফুল্লিত হৈ পৰিছে।

Comments

comments

You may also read!

কলগাছিয়াৰ শওপুৰত ঠিকাদাৰৰ অৱহেলাৰ বাবেই বেকী নৈৰ খহনীয়া অব্যাহত: বেকী নৈয়ে উটুৱাই নিলে দলঙৰ অপ্ৰচ: ব্যাহত যাতায়ত ব্যৱস্থা

কলগাছিয়া, সংবাদ ৩৬৫, ১৯ আগষ্ট: বৰপেটাৰ জনীয়া হৈ বামুনতাৰী লেংতিছিঙা অভয়াপুৰীৰ নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথৰ কাম চলি থকা অৱস্থাতে বেকী

Read More...

উৎকট গৰমে দহিছে ৰাজ্য: ২৪ ঘণ্টা লৈ নহয় বৰষুণ: সদৰী কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই

গুৱাহাটী, সংবাদ ৩৬৫, ১৯ আগষ্ট: বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা বতৰৰ আগজাননী অনুসৰি অহা সোমবাৰৰ দিনটোও উৎকট গৰমে দহিব ৰাজ্যৰ

Read More...

আজাৰা আৰক্ষীৰ জালত দুই প্ৰবঞ্চক: গ্ৰাহকক প্ৰলোভন দি লক্ষ লক্ষ ধন লুটপাত

গুৱাহাটী, সংবাদ ৩৬৫, ১৯ আগষ্ট: এশ গৰু মাৰিলে এদিন বাঘৰো মৰণ। ৰাজ্যত লুটপাতৰ ঘটনা কোনো নতুন কথা নহয়। দেওবাৰে

Read More...

Mobile Sliding Menu