পথ দুৰ্ঘটনাত নিহত গৰ্ভৱতী মহিলা

In ৰাজ্য

গোলাঘাট, সংবাদ ৩৬৫, ২০ জুনঃ গোলাঘাট জিলাৰ বোকাখাতাৰ শিলজুৰিত বুধবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী গৰ্ভৱতী মহিলা থিতাতে নিহত হয়। জানিব পৰা মতে ডাব্লিউ বি-০৬-এ-০৭০৬ নম্বৰৰ ফৰ্ড ফিউজন গাড়ী এখন বোকাখাতাৰ পৰা গুৱাহাটী অভিমুখে আহি থাকোতে শিলজুৰিত পথৰ কাষেৰে গৈ থকা এগৰাকী মহিলাক মহতিয়াই নিয়ে। তীব্ৰ বেগী গাড়ীখনে মহিলা গৰাকীক মহতিয়াই পথৰ কাষত থকা গছ এজোপাত খুন্দা মৰাত গাড়ীখন বিধস্ত হৈ যায়। দুৰ্ঘটনাত নিহত হোৱা তাঞ্জিনা বেগম নামৰ গৰ্ভৱতী মহিলা গৰাকী স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসাকেন্দ্ৰলৈ গৈ থকা অৱস্থাত এই দুর্ঘটনা সংঘটিত হয়। দুর্ঘটনাটোত গৰ্ভৱতী মহিলা নিহত হোৱাৰ লগতে গাড়ীখনৰ চালকজানো আহত হয়।

Comments

comments

You may also read!

কামৰূপ জিলাৰ বকোৰ ৰংগেশ্বৰী টুপামাৰী ৰাইজৰ বিপদসংকুল যাত্ৰা: কাঠৰ দলং ভাঙি ট্ৰেক্টৰ চালকৰ কথমপি প্ৰাণ ৰক্ষা

বকো, সংবাদ ৩৬৫, ২৩ ছেপ্টেম্বৰ: মিছা কথাৰ ফুলজাৰি জ্বলোৱা, হাজাৰটা মিছা প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনৰ ফোঁপোলা স্বৰূপ হল কামৰূপ জিলাৰ

Read More...

গৌৰীপুৰত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ জব্দ কৰাৰ লগতে এজন যুৱকক আটক

গৌৰীপুৰ, সংবাদ ৩৬৫, ২৩ ছেপ্টেম্বৰ: দেওবাৰে দূপৰীয়া পানবাৰী বি এছ এফ ৰ ছেক্টৰ হেড চি আই ডি ব্ৰাঞ্চে এচাম

Read More...

Mobile Sliding Menu