গোলাঘাটৰ পৰা চেমিম আলী, সংবাদ ৩৬৫, ১৬ মেঃ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই ১৬ মে’ৰ দিনটো প্ৰতাৰণা দিৱস হিচাপে পালন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে। প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰতিকৃতি দাহ কৰি সংগঠনটোৱে নৰেন্দ্ৰ মোদীক প্ৰতাৰক আৰু মিছলীয়া আখ্যা দিয়ে। উল্লেখ্য যে নিৰ্বাচনৰ পূৰ্বে ১৬ মে’ৰ ভিতৰত অসমত থকা সকলো বাংলাদেশীয়ে টালি টোপোলা বান্ধিব লাগিব বুলি কোৱা কথাষাৰৰ বিপৰীত নাগৰিকত্ব সংশোধনী বিধেয়ক আইনৰ জড়িয়তে বাংলাদেশীক সংস্থাপন কৰিব বিচৰা বুলি অভিযোগ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। সদৌ অসম চুতীয়া জাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক স্পষ্ট কৰি দিয়ে যে চৰকাৰে যদি অসমৰ অসমীয়া জাতিধংশী কাৰ্যত লিপ্ত হয় তেন্তে শান্তিপূৰ্ণ অসম অশান্ত হবলৈ বেছি সময় নালাগিব। জাতি, মাটি আৰু ভেটি ৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক শীঘ্ৰে স্থিতি স্পষ্ট কৰিবলৈও শংখটোৱে আহ্বান জনায়। আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত মঙলবাৰে নিশাও জোঁৰ সমদল উলিয়াই সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল।
প্ৰতাৰণা দিৱস পালন কৰি প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ
In ৰাজ্য
You may also read!

গ্ৰেটাৰ গুৱাহাটী বেবী লীগ আকৰ্ষণীয় ৰূপত খিতাপৰ যুঁজ: শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি
গুৱাহাটী, সংবাদ ৩৬৫, ১৭ ফেব্ৰুৱাৰী: স্প’ৰ্টছক্ৰাফ্ট মেনেজমেণ্টৰ উদ্যোগত আৰু গুৱাহাটী চিটী এফ চিৰ সহযোগত মহানগৰীৰ নেহৰু ষ্টেডিয়ামত চলি থকা
Read More...
৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ডাউ ডাউকৈ জ্বলিল মালবাহী ট্ৰাক
বাইহাটা চাৰিআলিৰ পৰা বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ৩৬৫, ১৭ফেব্ৰুৱাৰী: বাইহাটাৰ কেন্দুকোনাত ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ৩১ নং
Read More...
সন্ত্ৰাসবাদীৰ আক্ৰমনত বীৰ শ্বহীদ সকলৰ আত্মাৰ শান্তি কামনাৰে জনীয়াত সামূহিক দোৱা-প্ৰাৰ্থনা
জনীয়া, সংবাদ ৩৬৫, ১৭ ফেব্ৰুৱাৰী: যোৱা ১৪ ফেব্ৰুৱাৰীত জম্মু কাশ্মীৰত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ দিয়া দেশৰ ৪৪ জনকৈ বীৰ
Read More...