প্ৰেম প্ৰত্যাখানৰ ভয়াবহ পৰিণতি

In ৰাজ্য

ডিফু , সংবাদ ৩৬৫, ১৩ ফেব্ৰুৱাৰীঃ  প্ৰেম প্ৰত্যাখান কৰাৰ এক ভয়াবহ পৰিণতি ভুগিব লগা হৈছে এগৰাকী যুৱতীয়ে। এজন যুৱকৰ প্ৰেম প্ৰত্যাখান কৰাৰ পৰিণতি ইমান ভয়াবহ হব বুলি কেতিয়াও চাগে ভবা নাছিল এই যুৱতী গৰাকীয়ে। প্ৰেম প্ৰত্যাখানৰ এই ভয়াবহ ঘটনা সংঘটিত হৈছে কাৰ্বি আংলঙ জিলাৰ ডিফু চহৰত। কাৰ্বি আংলঙ জিলাৰ ডিফুৰ বাসিন্দা দুই সন্তানৰ পিতৃ দেৱেন তেৰাঙ কিছুদিন ধৰি একে অঞ্চলৰ এগৰাকী যুৱতীক প্ৰেম নিবেদন কৰি আহিছিল যদিও দেৱেন বিবাহিত আৰু দুই সন্তানৰ পিতৃ হোৱাৰ বাবে যুৱতী গৰাকীয়ে দেৱেনৰ প্ৰেম প্ৰত্যাখান কৰি আহিছিল। দেৱেনৰ প্ৰেম প্ৰত্যাখান কৰাৰ বাবে দেৱেনে যোৱা ৪ ডিচেম্বৰত ডিফু ৰেল ষ্টেচনৰ সমীপত যুৱতী গৰাকীৰ গাত কেৰাচিন তেল ঢালি জ্বলাই দিছিল। ৪ ডিচেম্বৰৰ পৰা এমাহ আঠদিন মৃত্যুৰ সতে যুঁজি সোমবাৰে যুৱতী গৰাকীয়ে সংজ্ঞা ঘূৰাই পোৱাত সকলো ঘটনা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। যুৱতী গৰাকী অগ্নিদগ্ধ হোৱাৰ প্ৰকৃত তথ্য পোহৰলৈ অহাৰ পিছত যুৱতী গৰাকীৰ মাতৃয়ে দেৱেনৰ বিৰুদ্ধে ডিফু সদৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। অগ্নিদগ্ধ হোৱা যুৱতী গৰাকী সংজ্ঞা ঘূৰাই পাইছে যদিও যুৱতী গৰাকী সংকটমুক্ত নহয় বুলি জানিব পৰা গৈছে।

Comments

comments

You may also read!

চৰকাৰী চাইকেল বিতৰণৰ নামত শিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহ প্ৰধান শিক্ষকৰ

দক্ষিণ শালমাৰা, সংবাদ ৩৬৫, ১৭ ফেব্ৰুৱাৰীঃ কিছুদিন পূৰ্বে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ একাংশ চৰকাৰী স্কুলত প্ৰধান শিক্ষকে নাম ভৰ্তিৰ

Read More...

যোৰহাটত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱ নিৰ্বাচিত সভাপতিক উষ্ম আদৰণি

যোৰহাটৰ পৰা জুতিকা মহন্ত, সংবাদ ৩৬৫, ১৭ ফেব্ৰুৱাৰীঃ শনিবাৰে যোৰহাটত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱ নিৰ্বাচিত সভাপতি ৰিপুণ বৰাক উষ্ম

Read More...

মহানগৰীত মহিলাসহ ২৬ জন ড্ৰাগছ সৰবৰাহকৰি আটক

গুৱাহাটী, সংবাদ ৩৬৫, ১৭ ফেব্ৰুৱাৰীঃ মহানগৰীৰ ফাঁচী বজাৰৰ পৰা শনিবাৰে ক্ৰাইম বাঞ্চে এগৰাকী মহিলাসহ তিনি ড্ৰাগছ সৰবৰাহকৰিক আটক কৰে।

Read More...

Mobile Sliding Menu