বঙৰাত পথ দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা চালক-হেণ্ডিমেনৰ

In ৰাজ্য

মিৰ্জা, সংবাদ ৩৬৫, ১৩ ফেব্ৰুৱাৰীঃ  মঙলবাৰে বৰঝাৰ বিমানবন্দৰৰ সমীপৰ পলাশবাৰী আৰক্ষী চকীৰ অন্তগৰ্ত বঙৰাত পথৰ ওপৰত এখন চুপাৰি ভৰ্তি পাঞ্জাববডি ট্ৰাক বাগৰি পৰে। জানিব পৰা ম’তে মানকাচাৰৰ পৰা গুৱাহাটী অভিমুখী চুপাৰি ভৰ্তি ট্ৰাকখনৰ আগত বাছ এখনে ব্ৰেক মৰাত ট্ৰাকখনে প্ৰচণ্ড জোৰত বাছখনক খুন্দা মাৰি পথৰ ওপৰত বাগৰি পৰে। অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও কথমপি প্ৰান ৰক্ষা পৰে ট্ৰাকখনৰ চালক, হেণ্ডিমেনৰ লগতে পথৰ কাষত থকা দোকানৰ আৰু দুটা বাসগৃহত থকা লোকৰ। দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ নম্বৰ এ এছ-১৮-চি-৬৩৭৬। জানিব পৰা মতে ট্ৰাকখনত প্ৰায় ৮০ লক্ষাধিক টকাৰ ২৬০ বস্তা চুপাৰি আছিল। আৰক্ষীৰ চকুত ধুলি দি এনেদৰে সঘনাই অভাৰলোড ট্ৰাকসমূৰ ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰ বিভিন্ন স্থানলৈ কিদৰে যাতায়ত অব্যাহত ৰাখিছে এইটো এতিয়া সৰ্বসাধাৰণ ৰাইজৰ বাবে লাখ টকীয়া প্ৰশ্ন।

Comments

comments

You may also read!

অভয়াপুৰীত জেষ্ঠ নাগৰিকৰ ৰঙালী বিহু উদযাপন

বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ২২ এপ্ৰিলঃ  বঙাইগাঁও জিলাৰ অভয়াপুৰীত জেষ্ঠ নাগৰিক সন্থাৰ কাৰ্যালয়ৰ বাকৰিত দেওবাৰে সন্থাই উলহ মালহেৰে উদযাপন

Read More...

ফকিৰাগ্ৰাম আৰক্ষী চকীত গাঁওৰক্ষী বাহিনীৰ সভা : শিশু আৰু মহিলাৰ ওপৰত হোৱা নিৰ্যাতন প্ৰতিৰোধ সন্দৰ্ভত আলোচনা

কোকৰাঝাৰৰ পৰা কিশোৰ মীশ্ৰা, সংবাদ ৩৬৫, ২২ এপ্ৰিলঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী চকীৰ গাঁওৰক্ষী বাহিনীৰ সভাগৃহত দেওবাৰে শিশু আৰু মহিলা

Read More...

সেনাক সহযোগ কৰিবলৈ পাকঘৰ এৰি ওলাই আহিল মহিলা

নলবাৰীৰ পৰা কৈলাশ ডেকা, সংবাদ ৩৬৫, ২২ এপ্ৰিলঃ বাৰিষাৰ পূৰ্বে ভঙা মাথাউৰিক লৈ শংকিত হৈ পৰিছে ৰাজ্যৰ নৈ পৰিয়া ৰাইজ।

Read More...

Mobile Sliding Menu