গুৱাহাটী, সংবাদ ৩৬৫, ১৪ ফেব্ৰুৱাৰীঃ বুধবাৰে পুৱা বন বিষয়া আফতাব উদ্দিনৰ সুন্দৰপুৰস্থিত বাসগৃহত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলায়। বন বিষয়া আফতাব উদ্দিনৰ বিৰুদ্ধে আয়তকৈ অধিক সম্পত্তিৰ থকাৰ অভিযোগ দুৰ্নীতি নিবাৰক শাখাই তেওঁৰ বাসগৃহত অভিযান চলায়। উল্লেখ্য যে, প্ৰাক্তন বনমন্ত্ৰী ৰকিবুল হুছেইনৰ অতি ঘনিষ্ঠ আছিল আফতাব উদ্দিন। ৰকিবুল হুছেইন বনমন্ত্ৰী হৈ থাকোতে নগাঁও জিলাৰ বন বিষয়া হিচাপে কৰ্মৰত আছিল আফতাব উদ্দিন। মহানগৰীৰ বিভিন্ন ঠাইত আফতাব উদ্দিনৰ কেইবা কোটি টকাৰ সম্পত্তি থকাৰ কথা পোহৰলৈ আহিছে বুলি জানিব পৰা গৈছে। মহানগৰীৰ ছয়মাইলত আৰু স্পেনিচ গাৰ্ডেনত আফতাব উদ্দিনৰ কোটিটকীয়া ফ্লেট থকাৰো কথা জানিব পৰা গৈছে। আফতাব উদ্দিনৰ সুন্দৰপুৰৰ বাসগৃহৰ লগতে সমান্তৰালকৈ নয়নপুৰৰ বাসগৃহতো অভিযান চলাইছে দুৰ্নীতি নিবাৰক শাখাই।
বন বিষয়ৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান
In ৰাজ্য
You may also read!

কোকৰাঝাৰত সেনা বাহিনীৰ উগ্ৰপন্থী বিৰোধী অভিযান
কোকৰাঝাৰ, সংবাদ ৩৬৫, ২৩ এপ্ৰিলঃ কোকৰাঝাৰ জিলাত ভাৰতীয় সেনাই এনডিএফবি(এছ)’ৰ দুৰ্ধৰ্ষ কেডাৰ কে বাখাৰ বিৰুদ্ধে চলাইছে অভিযান, সেনাৰ প্ৰায় ৪০০
Read More...
এনআৰচি’ত নথিপত্ৰ জালিয়াতি কৰি আৰক্ষীৰ জালত মহিলাসহ তিনিজন
বৰপেটা, সংবাদ ৩৬৫, ২৩ এপ্ৰিলঃ এনআৰচি’ত নাম অন্তৰ্ভুক্তি কৰাৰ বাবে নথিপত্ৰ জালিয়াতি কৰি ৰঙা ঘৰৰ আলহী হ’ল তিনিজনকৈ লোক৷ উল্লেখ্য
Read More...
ব্ৰহ্মপুত্ৰত জাঁপ দি আত্মহত্যাৰ ভাবুকিৰে ২৭২ জন এছপিঅ জোৱানৰ প্ৰতিবাদ
গুৱাহাটী, সংবাদ ৩৬৫, ২৩ এপ্ৰিলঃ শৰাইঘাটৰ দ্বিতীয় দলঙৰে ব্ৰহ্মপুত্ৰৰ বুকুত জাঁপ দি আত্মহত্যা কৰাৰ ভাবুকি প্ৰদান কৰি সোমাবাৰে নৱনির্মিত দলঙখনত
Read More...