লংকাত পিষ্টল আৰু গুলীসহ তিনিজকৈ লোকক ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে

In ৰাজ্য

হোজাই, সংবাদ ৩৬৫, ২০ জুনঃ হোজাই জিলাৰ লংকাৰ নখুটী আৰক্ষী চকীৰ অন্তৰ্গত আমবাৰীত ৯ এম এম পিষ্টল আৰু ৬ টা সজীৱ গুলীসহ তিনিজন লোকক ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে। জানিব পৰা মতে, নাগালেণ্ডৰ পৰা চাৰিজন যুৱকে লংকাৰ নখুটীৰ আমৱাৰীত ৬ টা সজীৱ গুলীসহ পিষ্টল বিক্ৰী কৰিৱলৈ আনিছিল। পিষ্টল আৰু গুলী বিক্ৰী কৰিবলৈ আহি লোক চাৰিজন আমবাডী গাঁৱৰ এজোপা গছৰ তলত কাৰোৱাৰ বাবে অপেক্ষা কৰি থাকোতে স্থানীয় ৰাইজৰ সন্দেহ হোৱাত লোক চাৰিজনক স্থানীয় ৰাইজে সোধ-পোছ কৰে। সোধ-পোছ কৰি থাকোতে ৰাইজে নখুটী আৰক্ষীক সন্দেহজনক লোক চাৰিজনৰ খৱৰ দিয়াত আৰক্ষী উপস্থিত হৈ চাৰিজনৰ ভিতৰত তিনিজনক আটক কৰি পিষ্টল আৰু গুলী উদ্ধাৰ কৰে যদিও ঘটনাস্থলীৰ পৰা এজন লোক পলাই যাৱলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা লোক কেইজনৰ নাম চাইফ উদ্দিন, তামিজ উদ্দিন আৰু হানিফ আলী বুলি জানিব পৰা গৈছে। বৰ্তমান আৰক্ষীয়ে আটক কৰা লোক তিনিজনক অধিক তথ্যৰ বাবে জেৰ অব্যহত ৰাখিছে।

Comments

comments

You may also read!

তামুলপুৰৰ দ্বাৰকুচিত আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

তামুলপুৰ, সংবাদ ৩৬৫, ২১ নৱেম্বৰ: ৰাজ্যত পৃথক বড়োলেণ্ড, পৃথক কমতাপুৰ আদি দাবী চলি থকাৰ সময়তে তামুলপুৰত কলিতা ছাত্ৰ সন্থাই

Read More...

ছয়গাৱত অগপৰ পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা

ছয়গাও, সংবাদ ৩৬৫, ২০ নৱেম্বৰ: ৰাজ্যত অহা পাচ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ছয়গাৱত অগপই মঙ্গলবাৰে

Read More...

ডিগবৈত শিল ব্যৱসায়ী অপূৰ্ব বৰাক অপহৰণ: অপূৰ্বৰ মুক্তিৰ দাবীত ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় ৰাইজৰ

ডিগবৈ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ২০ নৱেম্বৰ: সোমবাৰে তিনিচুকীয়া জিলাৰ জাগুন থানাৰ অন্তৰ্গত জাগুন ১০ মাইলৰ শিল কুৱৰিৰ

Read More...

Mobile Sliding Menu