লখিমী নগৰ মহিলা সমিতিৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

In লাইফষ্টাইল

গুৱাহাটী : গুৱাহাটীৰ লখিমী নগৰ মহিলা সমিতিৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয়। লখিমী নগৰস্থিত অসম শিক্ষা একাডেমী প্ৰাংগণত অনুষ্ঠিত এই অনুষ্ঠানৰ লগত সংগতি ৰাখি “পৰিয়ালত সুস্থ পৰিবেশ গঢ়াত মহিলাসকলৰ ভূমিকা” শীৰ্ষক এখন আলোচনা চক্ৰও অনুষ্ঠিত হয়। আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট লেখিকা অলকানন্দা দত্ত। কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপিকা শাশ্বতী বৰুৱাও আলোচনাচক্ৰত অংশ গ্ৰহণ কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন আৰু স্মৃতি তৰ্পন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কণকণ শিশুৰ মাজত ভেশচন প্ৰতিযোগিতাৰো আয়োজন কৰা হয়৷ এই প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক আজিৰ অনুষ্ঠানতে বঁটা প্ৰদান কৰা হয়৷

Comments

comments

You may also read!

উত্তৰ অভায়াপুৰীৰ ভাণ্ডাৰাত ভূলুণ্ঠিত মানৱতা: এহাল গৰুৰ বাবে পিতৃক হত্যাৰ চেষ্টা চলালে তিনি পাষণ্ড পুত্ৰই

অভায়াপুৰী, সংবাদ ৩৬৫, ১৯ আগষ্ট: বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অধীনস্থ তথা ঘেৰুকাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৩নং ভাণ্ডাৰা গাৱত

Read More...

বকলীয়াঘাটত চোৰাং চেগুনৰ কুণ্ডা জব্দ: গ্ৰেপ্তাৰ চোৰাং কাঠ ব্যৱসায়ী

কাৰ্বি আংলং, সংবাদ ৩৬৫, ১৮ আগষ্ট: কাৰ্বি আংলং জিলাৰ বন বিভাগৰ অন্তৰ্গত বকলীয়াঘাটস্থিত নৰ্দাৰ্ণ ৰেঞ্জ কাৰ্যালয়ৰ বনকৰ্মীৰ এটা দলে

Read More...

চেম্পিয়নছ্ মেকাৰ একাডেমীৰ বৰ্ষপূৰ্তি সম্পন্ন

বিশ্বনাথ চাৰিআলি, সংবাদ ৩৬৫, ১৮ আগষ্ট: বিশ্বনাথৰ কোছঁগাঁওত অবস্থিত চেম্পিয়নছ মেকাৰ একাডেমীয়ে যোৱা ১৬ আগষ্টত এবছৰ সম্পুৰ্ণ কৰে ৷

Read More...

Mobile Sliding Menu