সোণতলীৰ মোবাইল বিপনীত চুৰি

In ৰাজ্য

মোবাইল, লেপটপ, নগদ ধনসহ তিনি লক্ষাধিক টকাৰ সামগ্ৰী চুৰি

সোণতলী, ১৬ এপ্ৰিলঃ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত মাহতলী বজাৰস্থিত মা ইনফ’কম নামৰ মোবাইল বিপনীত সংঘটিত চুৰিৰ সন্দেহত আজি আৰক্ষীয়ে দুজন ব্যক্তিক সোধ-পোছৰ কাৰণে আটক কৰে৷ মাহতলীস্থিত মা ইনফ’কম নামৰ মোবাইল বিপনীখনৰ পৰা যোৱাকালি চোৰে নগদ ধন সহ তিনি লক্ষাধিক টকাৰ সা-সামগ্ৰী চুৰি কৰে৷ বিহু আৰু হালখাতাৰ ব্যস্ততা সামৰি আবেলি তিনি মান বজাত মা ইনফ’কমৰ স্বত্বাধিকাৰী ইমৰুল হকে দোকানখন খুলিয়েই দোকানৰ সা-সামগ্ৰী লণ্ড-ভণ্ড হৈ থকা প্ৰত্যক্ষ কৰে ৷ চেমচাং, অপ্প, কাৰ্বণ, ভি’ভ আদি এনড্ৰয়ড আৰু জিএছএম মোবাইল, লেপটপ,  চাৰ্জাৰ, মেমৰিকাৰ্ডকে ধৰি নগদ ধনসহ চোৰে প্ৰায় তিনিলাখ টকাৰ সামগ্ৰী চুৰি কৰে৷ বজাৰখনত নৈশ চকীদাৰ তথা চিচিটিভিৰ কটকটীয়া পহৰাৰ মাজতো চোৰে দোকানখনৰ চালৰ টিনপাত খুলি লুট-পাট চলোৱা কাৰ্যত স্থানীয় লোকে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ ক্ষুদ্ধ জনতাই সোণতলী আৰক্ষী থানাত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰনলৈ আনে ৷ বিপনীখনৰ স্বত্বাধিকাৰী ইমৰুল হকে সোণতলী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত তৎকালীনভাৱে তদন্ত আৰম্ভ কৰি আজি পুৱা বজাৰখনৰ নৈশ চকীদাৰ দুজনক সোধ-পোছৰ কাৰণে আটক কৰে৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে দক্ষিণ কামৰূপৰ ছয়গাওঁ থানাৰ অন্তৰ্গত গৰৈমাৰীৰ বাপু ইলেক্ট্ৰনিকচৰ নামৰ আন এখন মোবাইল বিপনীৰ পৰা চোৰে চালৰ টিনপাত খুলি এটা সপ্তাহত দুবাৰকৈ চুৰি কৰে৷ যোৱাকালি চোৰে পুনৰ একেটা পদ্ধতিৰে মা ইনফ’কমত চুৰি কৰাত অঞ্চলটোত চোৰৰ এটা বৃহৎ দল সক্ৰিয় হৈ পৰাটো স্পষ্ট হৈ পৰিছে৷ আৰক্ষীয়েও চোৰৰ দলটোক আটক কৰিবলৈ ক্ষিপ্ৰতাৰে তদন্ত অব্যাহত ৰাখিছে৷

Comments

comments

You may also read!

গৌৰীপুৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত দূৰ্নীতিৰ অভিযোগ অসম মিঞা শ্ৰমিক পৰিষদৰ

গৌৰীপুৰৰ পৰা আব্দুল কালাম, সংবাদ ৩৬৫, ২২ ছেপ্টেম্বৰ: জনপ্ৰতিনিধি তথা বিভাগীয় কতৃপক্ষকে ধৰি দুৰ্নীতিত লিপ্ত গৌতম কনষ্ট্ৰাকছন। ধুবুৰী জিলাৰ

Read More...

সৰভোগৰ গান্ধী ভৱনৰ প্ৰাংগণত স্বচ্ছতাই সেৱা-২০১৮ ৰ অধীনত সজাগতা সভা

সৰভোগ, সংবাদ ৩৬৫, ২২ ছেপ্টেম্বৰ: স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)ৰ অন্তৰ্গত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা স্বচ্ছতাই সেৱা-২০১৮ কাৰ্য্যসূচীৰ অধীনত শনিবাৰে

Read More...

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ জয়পুৰত বিদ্যুৎ বিভাগৰ ঠিকাদাৰৰ মইমতালিত নিহত এজন: আহত দুজন

ডিব্ৰুগড়, সংবাদ ৩৬৫, ২১ ছেপ্টেম্বৰ: ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ জয়পুৰত বৃহস্পতিবাৰে নিশা বিদ্যুৎ বিভাগৰ ঠিকাদাৰৰ মইমতালিৰ বাবে নিহত হয় এজন

Read More...

Mobile Sliding Menu