ৰজাদিনীয়া পৰম্পৰা অক্ষুন্ন ৰাখি বমানী বিলত মাছ মৰা পৰ্ব

In ৰাজ্য

ডিমৰীয়া, ১৩ জানুৱাৰীঃ ডিমৰীয়াৰ ডেকা গাভৰুৱে বিহুগীত, তিৱা লোকগীত গাই নামিল বমানী বিলত মাছ মাৰিব। ৰজাদিনীয়া পৰম্পৰা অক্ষুন্ন ৰাখি বমানী বিলত ডিমৰীয়াবাসীয়ে মাৰিলে মাছ। মহানগৰীৰ সমীপৱৰ্তী ডিমৰীয়াৰ বমানী বিলত শনিবাৰে পুৱাৰ ভাগত কেইবা হাজাৰ লোকে অংশগ্ৰহণ কৰিলে সমূহীয়া মাছ মৰা পৰ্বত। তিৱাসকলৰ ৰজাদিনীয়া পৰম্পৰা অনুসৰি উৰুকাৰ দিনা ৰাইজ একলগ হৈ ঐতিহাসিক বমানী বিলত সমূহীয়াভাবে মাছ মাৰিলে। পুৱাৰ ভাগত গাঁওবাসী ৰাইজ বমানী বিলৰ পাৰত একগোট হৈ বিহুগীত, তিৱা লোকগীত গাই বিলৰ পানী নামি যাই ধৰিলে বৰালি, ভকুৱা, ৰৌ। কেইবা হাজাৰ লোকেৰ লগতে তিৱা ডেকা গাভৰু সকলে জাল আৰু জাকৈলৈ বিলৰ পৰা তুলি আনে বিভিন্ন ধৰণৰ মাছ উৰুকাৰ নিশা ভেলাঘৰৰ বাকৰিত সকলোৱে একগোট হৈ তৃপ্তিৰে এসাজ খাবলৈ। ডিমৰীয়াৰ বমানী বিলত প্ৰতি বছৰে উৰুকাৰ দিনা সমূহীয়া মাছ মৰা পৰ্ব আয়োজিত কৰা হয়। এই পৰ্বত সকলোৱে মিলিত হৈ বিলৰ পাৰত পূজা আগবঢ়াই মাছ মাৰিবলৈ বিলত নামি যায়। এই পৰম্পৰা তিৱাসকলৰ ৰজাদিনীয়া যি সময়ৰ সোতৰ লগত হেৰাই যাবলৈ ধোৰিছে যদিও ডিমৰীয়াবাসীয়ে নিজৰ প্রচেষ্টাত কিছু পৰম্পৰা বৰ্তমানেও ধৰি ৰাখিছে।

Comments

comments

You may also read!

দুৰনি পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ ৰোষত পৰিল ১০০ বছৰীয়া পুৰণি শনি মন্দিৰ

সোনাপুৰ, সংবাদ ৩৬৫, ২২ জানুৱাৰীঃ মহানগৰীৰ সমীপৱৰ্তী সোনাপুৰৰ হহৰাত দেওবাৰে নিশা দুৰনি পাহাৰৰ পৰা নামি অহা চাৰিটাকৈ বনৰীয়া হাতীয়ে

Read More...

সৰভোগৰ মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰ গনেশ চন্দ্ৰ অধিকাৰী আৰু শিক্ষাবিদ মোজাম্মিল হুছেইনক আমছুৱে প্ৰদান কৰিলে সমন্বয় বঁটা

কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ২২ জানুৱাৰীঃ  আহোম ৰাজ বিষয়া চণ্ডী বৰুৱাৰ ৰাজহাউলীৰ হাউলি নগৰৰ মাজমজিয়াত থকা ত্ৰিকন্যা

Read More...

অভয়াপুৰীৰ লালমাটি দুৰামাৰীৰ গনেশ মন্দিৰত দেওবাৰৰ পৰা আৰম্ভ হল গনেশ পূজাৰ মহামেলা

অভয়াপুৰী, সংবাদ ৩৬৫, ২১ জানুৱাৰীঃ অভয়াপুৰীৰ লালমাটি দুৰামাৰীৰ গনেশ মন্দিৰত দেওবাৰৰ পৰা আৰম্ভ হল গনেশ পূজাৰ মহামেলা। গনেশ বন্দনাত মুখৰিত

Read More...

Mobile Sliding Menu