ৰাজ্যজুৰি আমছুৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন

In ৰাজ্য

সংবাদ ৩৬৫, ৬ জুলাইঃ গোৱালপাৰা জিলাত আৰক্ষীৰ গুলিত নিহত হোৱা ইয়াকুব আলীৰ পৰিয়ালক ১০ লাখ টকা ক্ষতিপূৰণ দিয়াৰ লগতে আহতসকললৈ ৫ লাখ টকা প্ৰদানৰ দাবীত আজি ৰাজ্যজুৰি আমছুৱে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে। আমছুৱে লগতে ইয়াকুব আলীৰ মৃত্যুৰ বাবে দায়ী আৰক্ষী বিষয়া ডিম্বেশ্বৰ ৰয়ৰ লগতে কনিষ্টবল অনুপ চেতিয়াকো গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমছুৰ সদস্যসকল ৰাজপথত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মুর্দাবাদ, অসম আৰক্ষী মুর্দাবাদ, অসম আৰক্ষী হায় হায়, পুলিচৰ গুণ্ডাৰাজ বন্ধ কৰক শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি আমছুৰ সভাপতি আজিজুৰ ৰহমানে অভিযোগ কৰে যে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আমছুৰ দাবীক গুৰুত্ব প্ৰদান নকৰে। সভাপতি জনে লগতে জানিবলৈ দিয়ে যে অহা জুলাই মাহৰ ৯ তাৰিখে আমছুৱে গুৱাহাটীত বুদ্ধিজীৱি আৰু বিভিন্ন সংগঠনৰ নেতৃত্বৰ লগত মিলিত হৈ এক প্ৰতিবাদী নাগৰিক সভাৰ আয়োজন কৰিব। চৰকাৰে যদি ইয়াৰ পিছতো গুৰুত্ব প্ৰদান নকৰে তেন্তে সমগ্ৰ অসমত আমছুৱে ৰাষ্টীয় ঘাইপথ অৱৰোধ, ৰেলপথ অৱৰোধ আৰু অসম বন্ধৰ দৰে পদক্ষেপ গ্ৰহণ কৰাৰো ভাবুকি প্ৰদান কৰে।

Comments

comments

You may also read!

বকলীয়াঘাটত চোৰাং চেগুনৰ কুণ্ডা জব্দ: গ্ৰেপ্তাৰ চোৰাং কাঠ ব্যৱসায়ী

কাৰ্বি আংলং, সংবাদ ৩৬৫, ১৮ আগষ্ট: কাৰ্বি আংলং জিলাৰ বন বিভাগৰ অন্তৰ্গত বকলীয়াঘাটস্থিত নৰ্দাৰ্ণ ৰেঞ্জ কাৰ্যালয়ৰ বনকৰ্মীৰ এটা দলে

Read More...

চেম্পিয়নছ্ মেকাৰ একাডেমীৰ বৰ্ষপূৰ্তি সম্পন্ন

বিশ্বনাথ চাৰিআলি, সংবাদ ৩৬৫, ১৮ আগষ্ট: বিশ্বনাথৰ কোছঁগাঁওত অবস্থিত চেম্পিয়নছ মেকাৰ একাডেমীয়ে যোৱা ১৬ আগষ্টত এবছৰ সম্পুৰ্ণ কৰে ৷

Read More...

চৰাইদেউ জিলাৰ সোণাৰিত ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান কংগ্ৰেছৰ

চৰাইদেউ, সংবাদ ৩৬৫, ১৮ আগষ্ট: চৰাইদেউজিলাৰ সোণিৰিস্থিত কংগ্ৰেছৰ চৰাইদেউ জিলাৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান। প্ৰাক্তন প্ৰধান মন্ত্ৰী তথা

Read More...

Mobile Sliding Menu