নলবাৰী, সংবাদ ৩৬৫, ১৮ জুলাইঃ নলবাৰীৰ গৰ্ডণ স্কুল খেল পথাৰত বৃহস্পতিবাৰে(১৯ তাৰিখ) নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে অসম গণ পৰিষদৰ অনুষ্ঠিত হ’বগীয়া শংখনাদ অনুষ্ঠানৰ বাবে সাজি থকা পেণ্ডেল যোৱানিশা ভাঙি দিলে দূৰ্বৃত্তই। অনুষ্ঠানৰ বাৱে বনোৱা পেণ্ডেল ভঙাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে নলবাৰীত। বৰ্তমানেও স্পষ্ট হোৱা নাই ভঙাৰ কাৰণ ৷ কোনো দূৰ্বত্তই ভাঙি নিয়াৰ সন্দেহ উত্থাপিত হৈছে ৷ হাজাৰ হাজাৰ মানুহৰ সমাগম ঘটিবলগীয়া এই কাৰ্য্যসূচীক লৈ শংকিত নেকি কোনো ২য় পক্ষ৷ নলবাৰীত অগপৰ উত্থান অথবা শেহতীয়াকৈ দলটোত যুৱ প্ৰজন্মৰ আগমনে শংকিত কৰিছে নেকি অন্য কোনো ৰাজনৈতিক দলক । নলবাৰীত এতিয়া তাকে লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ । কিন্তু সেয়া যিয়ে নহওক যিকোনো পৰিস্থিতিত কাইলৈ ৰূপায়ণ হব শংখনাদ কাৰ্য্যসূচী৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, সভাপতি অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ লগতে অগপৰ বহু ৰথী-মহাৰথী উপস্থিত থাকিব।