বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ২২ এপ্ৰিলঃ  বঙাইগাঁও জিলাৰ অভয়াপুৰীত জেষ্ঠ নাগৰিক সন্থাৰ কাৰ্যালয়ৰ বাকৰিত দেওবাৰে সন্থাই উলহ মালহেৰে উদযাপন কৰে বাপতিসাহোন ৰঙালী বিহু।অঞ্চলটোৰ বহু সংখ্যক জেষ্ঠ নাগৰিকৰ উপস্থিতিত সন্থাৰ সভাপতি হিমাংশু কুমাৰ বৰুৱাই পুৱা ১০ বজাত পতাকা উত্তোলনেৰে ৰঙালী বিহুৰ দিনজোৰা কাৰ্যসূচীৰ পাতনি মেলে। হিমাংশু কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে জেষ্ঠ নাগৰিক তথা বজালী মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক দীনেন্দ্ৰ নাৰায়ণ গোস্বামীয়ে। মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা অভয়াপুৰী সাহিত্য চৰাৰ ভৰত চন্দ্ৰ ডেকাই বিহুৰ উৎপত্তি আৰু মঞ্চ বিহুৰ আৰম্ভণিৰ ওপৰত আলোকপাত কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মই বিহুৰ প্ৰসাৰতা বৃদ্ধি কৰিব এই ক্ষেত্ৰত তেওঁ আশাবাদী বুলিও ভাষন প্ৰসংগত মন্তব্য দাঙি ধৰে। মুকলি সভাৰ পিছত অনুষ্ঠিত গীত মাতৰ অনুষ্ঠানত জেষ্ঠ নাগৰিক সন্থাৰ জেষ্ঠ সদস্যদ্বয় প্ৰসন্ন দাস আৰু নিৰ্মল ৰায়ে গীত পৰিবেশন কৰাৰ লগতে পাছদুৱাৰ বিহু দলে প্ৰদৰ্শন কৰা বিহু নৃত্যই সন্থাৰ কাৰ্যালয়ৰ চৌহদ মুখৰিত কৰি তোলে।উল্লেখ্য যে, অভয়াপুৰী জেষ্ঠ নাগৰিক সন্থাই উদযাপন কৰা ৰঙালী বিহুৰ সমূহ কাৰ্যসূচীত অঞ্চলটোৰ জেষ্ঠ নাগৰিক গোপীনাথ দাস, দেৱান আক্কেল আলী, হৰিশ নাথকে ধৰি সন্থাৰ প্ৰায় দুইশতাধিক সদস্য সদস্যাই অংশগ্ৰহণ কৰে।