অভয়াপুৰী, সংবাদ ৩৬৫, ২১ জানুৱাৰীঃ অভয়াপুৰীৰ লালমাটি দুৰামাৰীৰ গনেশ মন্দিৰত দেওবাৰৰ পৰা আৰম্ভ হল গনেশ পূজাৰ মহামেলা। গনেশ বন্দনাত মুখৰিত হৈ পৰিল গনেশ মন্দিৰ প্ৰাংগণ। নামনি অসমৰ অন্যতম পৱিত্ৰ স্থান বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপবৰ্তী লালমাটি দুৰামাৰীস্থ গনেশ মন্দিৰত দেওবাৰৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে গনেশ পূজাৰ মহামেলা। দেওবাৰে পুৱাৰ ভাগত মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি অনুকূল চন্দ্ৰ নাথৰ দ্বাৰা পূজা মহোৎসৱৰ মূল ধ্বজা ইয়াৰ অন্তৰ্গত গাঁৱ সমূহৰ একোজনকৈ বিশিষ্ট ব্যক্তিৰ দ্বাৰা একোখনকৈ ধ্বজা উত্তোলনৰে পূজাৰ মহামেলাৰ বিস্তৃত কাৰ্যসূচীৰ পাতনি মেলাৰ পিছত উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি মেঘনীধি দাহাল আৰু মঠাধ্যক্ষ কৈৱল্যনাথজী মহাৰাজে বন্তি প্ৰজ্বলনেৰে পূজা মহোৎসৱৰ উদ্বোধন কৰে। পুৱাৰে পৰা সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে আৰম্ভ হোৱা সিদ্ধিদাতা গনেশ পূজাক কেন্দ্র কৰি উখল মাখল হৈ পৰিছে গনেশ মন্দিৰ প্ৰাংগণ। সহস্ৰাধিক ভক্ত প্ৰান ৰাইজৰ লানি নিছিগা সোতত মুখৰিত হৈ পৰিল ঐতিহাসিক গনেশ মন্দিৰ। প্ৰাচীন ভাস্কৰ্য আৰু স্থাপত্য কলাৰে সমৃদ্ধ ঐতিহাসিক এই পীঠস্থানত গনেশ পূজাৰ সময়ছোৱাত সমাগম ঘটে লক্ষাধিক দৰ্শনাৰ্থী আৰু পৰ্যটকৰ।উল্লেখ্য যে, নামনি অসমৰ ৰাইজৰ মাজত গভীৰ বিশ্বাস থকা ইতিহাস প্ৰসিদ্ধ এই মন্দিৰটোত প্ৰতি বছৰে মাঘ মাহৰ শুক্ল পক্ষৰ বৰোদা চতুৰ্থী দিনাৰে পৰা পাচ ছয়দিনীয়াকৈ আড়ম্বৰপূৰ্ণভাবে আয়োজন কৰা হয় গনেশ পূজাৰ মহামেলা। এই মহামেলালৈ সমাগম ঘটে লক্ষাধিক ভক্ত প্ৰান ৰাইজৰ।