বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, জানুৱাৰীঃ শুকান নাৰিকলৰ খোলা পেলনীয়া সামগ্ৰী, লেতেৰা আবৰ্জনা। কিন্তু শুকান নাৰিকলৰ খোলা লেতেৰা আবৰ্জনাই কাৰোবাৰ মধুৰ স্পৰ্শত হৈ উঠিব পাৰে গৃহ সজ্জাৰ সামগ্ৰী। লেতেৰা আবৰ্জনাক সম্পদলৈ ৰূপান্তৰ কৰিবৰ বাবে লাগে এক সৃষ্টিশীল মন। তেনে এক সৃষ্টিশীল মনৰ অধিকাৰী হৈছে বঙাইগাঁও জিলাৰ‌ অভয়াপুৰী চহৰৰ নিৰঞ্জন দাস। নিজৰ সৃষ্টিশীলতাৰ গুণত নিৰঞ্জন দাসে পেলনীয়া নাৰিকলৰ খোলাৰে সাজি উলিয়ায় আটক ধুনীয়া শৰাই, ফুলদানীকে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাইৰ লগতে বহু গৃহ সজ্জাৰ সামগ্ৰী। ২০০৩ চনৰ পৰাই নিৰঞ্জন দাসে নাৰিকলৰ খোলাৰে সাজিবলৈ লৈছিল গৃহ সজ্জাৰ বিভিন্ন সামগ্ৰী। অসাধাৰণ গুনৰ অধিকাৰী শিল্পী নিৰঞ্জন দাসে জনোৱা মতে অসমীয়া জন জীৱনৰ লগত অংগাগীভাবে জৰিত নাৰিকল ব্যৱহাৰৰ পিছত ইয়াৰ খোলাবোৰ যেনি তেনি পেলাই দিয়া প্ৰত্যক্ষ কৰি এই আবৰ্জনাক কোনো প্ৰকাৰে প্ৰয়োজনীয় সামগ্ৰীত ৰূপান্তৰিত কৰিব পাৰি নেকি তাকে লৈ চিন্তা-চৰ্চা কৰি নিৰঞ্জন দাসে আৰম্ভ কৰে নাৰিকলৰ খোলাৰে গৃহ সজ্জাৰ সামগ্ৰী সজাত। শিল্পী নিৰঞ্জন দাসৰ হাতৰ স্পৰ্শত পেলনীয়া নাৰিকলৰ খোলাবোৰে এটা সময়ত ৰূপ ললে চকচকীয়া ফুলদানী, শৰাই, চৰাই আৰু বিভিন্ন গৃহ সজ্জাৰ সামগ্ৰীত। নিৰঞ্জন দাসৰ পৰা এই গৃহ সজ্জাৰ সামগ্ৰীবোৰ সংগ্ৰহ কৰি বিভিন্ন জনে এতিয়া নিজৰ বহা কোঠা সজাবলৈ আৰম্ভ কৰিছে। নিৰঞ্জন দাসৰ মতে প্ৰয়োজনীয় ধনৰ অভাৱত পুৰণিকলীয়া সৰঞ্জামেৰেই তেওঁ বৰ্তমান এই সামগ্ৰী প্ৰস্তুত কৰিব লগা হোৱাত বহু কষ্টৰ সন্মুখীন হবলগীয়া হৈছে। উন্নত আধুনিক যন্ত্ৰপাতি ক্ৰয়ৰ বাবে নিৰঞ্জন দাসে কৰ্তৃপক্ষৰ ওচৰত বহু আবেদন জনাইছিল যদিও সহাৰি লাভ নকৰাৰ উপৰিও অভয়াপুৰীৰ পৰা মাত্ৰ ২কি.মি.নিলগৰ বাটাবাৰীত অৱস্থিত কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ নাৰিকল উন্নয়ন বোৰ্ডৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত পেলনীয়া নাৰিকল বিচাৰি বিমুখ হোৱা বুলি নিৰঞ্জন দাসে আক্ষেপ প্ৰকাশ কৰিছে। স্থানীয় ৰাইজে প্ৰকাশ কৰা মতে ৰাইজে বাহিৰত পেলাই দিয়া নাৰিকলৰ খোলা আদিৰে পৰিবেশ বিনষ্ট কৰাৰ বিপৰীতে নিৰঞ্জন দাসে এই খোলাবোৰ বুটলি আনি পৰিবেশতন্ত্ৰ সুস্থ ৰখাত আগ-ভাগ লোৱাৰ লগতে নিজৰ সৃষ্টি জৰিয়তে বিভিন্ন জনৰ বহা কোঠা শুৱলা কৰিছে। স্থানীয় ৰাইজে আৰু প্ৰশাস কৰে যে চৰকাৰৰ সহযোগিতাই দাসৰ এনে কৰ্মৰাজিক ভৱিষ্যতলৈ আগুৱাই নিয়াত অৰিহণা যোগোৱাৰ লগতে পৰিবেশৰ স্বচ্চতা ৰক্ষাৰ ক্ষেত্ৰত ফলদায়ক হব পাৰে। এই ক্ষেত্ৰত চৰকাৰ তথা বিভাগে গুৰুত্ব দিব বুলিও ৰাইজে আশা প্ৰকাশ কৰে।