গুৱাহাটী, ২১ এপ্ৰিলঃ অসমত ৱেব-মিডিয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য আগত লৈ ইয়াৰ লগত জড়িত ব্যক্তিসকলে গুৱাহাটীৰ উলুবাৰীত এক সভাত মিলিত হয়৷ উক্ত সভাত ৰাজ্যখনত ব্যাপক গতিত জনপ্ৰিয়তা লাভ কৰা ৱেব মিডিয়াৰ ভবিষ্যত সৰ্ম্পকত আলোচনা কৰা হয়৷ সংবাদ ৩৬৫, নিউজ নেস্ক ৱান, দ্যা নিউজ মিল, প্ৰথম খবৰ, এনই ফকাছ, ইনছাইড এনই আৰু সংবাদ প্ৰহৰীৰ লগত জড়িত ব্যক্তিসকলে ৱেব মিডিয়াৰ বিভিন্ন কৰ্মপন্থা সৰ্ম্পকত সভাত বিশদ আলোচনা কৰাৰ লগতে এটা সন্থা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷  উল্লেখ্য যে, ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বজুৰি ৱেব মিডিয়াই ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে৷ অসমতো এই সংবাদ মাধ্যমৰ লগত জনসাধাৰণৰ চিনাকি কৰাই দিয়াৰ লক্ষ্যৰে অসমৰ ৱেব-মিডিয়াৰ লোকসকলে এই সভাখন অনুষ্ঠিত কৰে৷