গুৱাহাটী, সংবাদ ৩৬৫, ১ জুলাইঃ গুৱাহাটীৰ মাছখােৱাস্থিত আইটিএ সাংস্কৃতিক প্ৰকল্পত উত্তৰ-পূৰ্বাঞ্চলৰ প্রায় ১০০০ দর্শকৰ উপস্থিতিত ১৬সংখ্যক ছানছিল্ক মেগা মিছ নর্থ ইষ্ট, ২০১৮ প্রতিযােগিতাত বিজয়ী খিতাপ অর্জন কৰে অৰুণাচল প্ৰদেশৰ মেৰিয়ম লংৰিয়ে। আনহাতে, প্রতিযােগীতাখনত ১ম আৰু ২য় ৰাণাৰ আপৰ খিতাপ অর্জন কৰে ক্ৰমে নগালেণ্ডৰ চুৰীলা আৰু অসমৰ জ্যোতিস্মিতা বৰুৱাই। মেগা মিছ নর্থ ইষ্ট প্রতিযােগিতাখন অভিজিত সিংহৰ উদ্ভাৱন আৰু মেগা এন্টাটেইনমেন্টৰ দ্বাৰা প্রযােজিত হয়। এই বৃহৎ প্রতিযােগিতাৰ চুড়ান্ত অৱস্থাত উপনীত হ’বলৈ মেগা এণ্টাৰটেইনমেণ্টৰ প্রতিযােগী সঞ্চালক জুহি গগৈৰ তত্বাৱধানত আখৰা কৰাকে ধৰি সাজ-সজ্জা আৰু প্ৰশিক্ষণৰ বাবে প্রতিযােগীসকল এসপ্তাহ আগতেই গুৱাহাটীলৈ আহিছিল। এই ইভেণ্টৰ টাইটেল স্পনছ’ৰ হৈছে ছানছিল্ক, হস্পিটালিটী পার্টনাৰ ৰেডিছন ৪, আছাম ষ্টেট বায়’ডাইভাৰ্চিটী ব’র্ড আৰু এডুকেচন পার্টনাৰ আইআইএফটি কলেজ। বিপুল দর্শকৰ সন্মুখত মেৰিয়ম লংৰিক বিজয়ী মুকুট পৰিধান কৰায় ছানছিল্ক মেগা মিছ নর্থ ইষ্ট, ২০১৭ বিজয়ী মেৰী খাইৰেমে। ইটানগৰৰ ডনী পল স্কুলৰ পৰা দ্বাদশ শ্রেণীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ১৭ বছৰীয়া মেৰিয়ম ৯জন ভাই-ভনীৰ কনিষ্ঠতম। মেৰিয়মৰ পিতৃ এজন অৱসৰপ্ৰাপ্ত ইন্সপেক্টৰ, আৰু মাতৃয়ে এখন বেচৰকাৰি প্রতিষ্ঠানৰ লগত জড়িত। “মই সৰুৰে পৰা এনে এক পদৰ অধিকাৰী হ’ব বিচাৰিছিলাে, বিচাৰকমণ্ডলীৰ লগতে মেগা এন্টাৰটেইনমেণ্টক আৰু বিশেষকৈ অভিজিত সিংহক এই খিতাপৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ, খিতাপ জয়ৰ পাছত এইদৰে কয় মেৰিয়মে। শনিবাৰৰে নিশা অনুষ্ঠিত অনুষ্ঠানটিৰ গালা ইভেণ্টত প্ৰথম ৰাণাৰ্ছ আপ খিতাপ অর্জন কৰে চুমুকেডিমা, নগালেণ্ডৰ সুন্দৰী চুৰীলাই। চুৰীলা চুমুকেডিমাৰ মাউন্ট মেৰী কলেজত অর্থনীতি বিভাগৰ ছাত্রী। এই অনুষ্ঠানত দ্বিতীয় ৰাণাৰ্ছ আপ খিতাপ বিজয়ী হয় বিশ্বনাথ চাৰিআলিৰ জ্যোতিস্মিতা বৰুৱা। জ্যোতিস্মিতা গুৱাহাটীৰ বি. বৰুৱা কলেজ ছাত্রী। ছানছিল্ক মেগা মিছ নর্থ ইষ্ট, ২০১৮ বিজয়ী মেৰিয়ম লংৰিয়ে ১,০০,০০০ টকা নগদ ধনসহ মুঠ ৭,০০,০০০ টকা মুল্যৰ উপহাৰ লাভ কৰে। তদুপৰি, তেওঁ সমগ্ৰ উত্তৰ-পূর্বত ছানছিল্কৰ প্রিন্ট আৰু আউটড’ৰ কেম্পেইনত ওলােৱাৰ সৌভাগ্য লাভ কৰিব। ডুবাইলৈ ৰাউণ্ড ট্রীপ, এক আন্তর্জাতিক স্থানত ফটোশ্বট, চ্চিজেল দীঘলীপুখুৰীত এবছৰৰ বাবে ফিটনেছ কাউন্সেলিং আৰু সদস্যপদ, ৰং দে বসন্তী আৰবান ধাবাৰ পৰা গিফট হেম্পাৰ, আগশাৰীৰ ফেশ্বন ফটোগ্রাফাৰ ৰাহুল বিশ্বাসৰ দ্বাৰা প’র্টফলিঅ’ শ্বুট , বিজয়ী বছৰটোৰ বাবে লাইফছ পার্পলৰ পৰা পাব্লিক ৰিলেচন আৰু ৰেপুটেশ্যন মেনেজমেন্ট আৰু ৱান এণ্ড জিৰ’ৰ পৰা ডিজিটেল চেলিব্রেটী মেনেজমেন্ট। সমান্তৰালভাৱে, বিজেতা সকলে আইটিএফটি, চণ্ডিগড়ত মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্টৰ পৰা তিনিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বাবে জলপাণি আৰু টিআৰআইজি এমপাৱাৰিং ইন্সটিটিউট, গুৱাহাটীৰ পৰা ৬ মাহৰ এভিয়েচন এণ্ড হস্পিটালিটী পাঠ্যক্রম লাভ কৰিব। লগতে বিজয়ীয়ে মেগা এন্টাৰটেইনমেণ্টৰ দ্বাৰা পেছাদাৰী প্রতিনিধিত্ব লাভ কৰিব আৰু এক পেছাদাৰী গ্রুমিঙৰ সুবিধা লাভ কৰিব, যাৰদ্বাৰা তেওঁলােকে এই ক্ষেত্ৰখনক পেছা হিচাপে লৈ আগবাঢ়ি যাব পাৰে। তেওঁলােকে বিভিন্ন আঞ্চলিক আৰু ৰাষ্ট্ৰীয় অনুষ্ঠানৰ ৰেম্পত খােজ কঢ়াৰ সূযােগাে লাভ কৰিব।