ডিব্ৰুগড়, সংবাদ ৩৬৫, ১৭ মাৰ্চ: ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী চকীৰ অন্তৰ্গত বেতনি চাৰিআলি, চামোৱাগাঁও আৰু চেনিমাৰিত আঠজনকৈ লোকক আক্ৰমণ কৰি আহত কৰা নাহৰফুটুকী বাঘটোক হত্যা কৰিছে ৰাইজে। উল্লেখ্য যে বনাঞ্চলৰ পৰা জনাঞ্চললৈ প্ৰৱেশ কৰি নাহৰফুটুকী বাঘটোৱে আক্ৰমণ কৰি আঠজনকৈ লোকক আহত কৰাত সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছিল। নাহৰফুটুকী বাঘটোৰ আক্ৰমণত গুৰুত্বৰ ভাবে কেইবাজনো লোক আহত হোৱাত আহত সকল চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছিল যদিও নাহৰফুটুকী বাঘটোৱে অঞ্চলটোত সন্ত্ৰাস অব্যাহত ৰখাত ৰাইজ আতংকিত হৈ পৰিছিল। জনাঞ্চলত নাহৰফুটুকী বাঘ প্ৰৱেশ কৰাৰ খবৰ পাই বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিতি হৈ বাঘটোক আটক কৰাৰ চেষ্টা চলাইছিল যদিও ৰাইজে নাহৰফুটুকী বাঘটোক হত্যা কৰে। ৰাইজে অভিযোগ কৰে যে বন বিভাগৰ লোক যদিও চেষ্টা চলাই কিন্তু বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম নহয়। অৱশেষত বন বিভাগৰ লোক থকাৰ পিছতো ৰাইজে নাহৰফুটুকী বাঘটোক বিচাৰি উলিয়াই হত্যা কৰে।