গুৱাহাটী, সংবাদ ৩৬৫, ১৬ ফেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীৰ আইএছবিটি বাছ অৱস্থানৰ পৰা শুক্ল বিভাগে অভিযান চলাই চোৰাং সোণৰ সৰবৰাহৰ লগত জড়িত দুজনকৈ ব্যক্তি আটক কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ পৰা পোৱা খবৰ অনুযায়ী শুক্ল বিভাগে এমএন-০১-২০৭১ নম্বৰৰ এখন নৈশ বছৰ পৰা চোৰাং সোণৰ ৪০ টা বিস্কুট উদ্ধাৰ কৰাৰ লগতে দুজনকৈ লোকক আটক কৰে। জানিব পৰা মতে উদ্ধাৰ হোৱা সোণৰ বিস্কুটখিনিৰ বজাৰ মূল্য তিনি কোটি মান হব। আনহাতে, চোৰাং সোণৰ বিস্কুটৰ লগত আটক কৰা ব্যক্তি দুজনৰ এজন মণিপুৰৰ মহম্মদ নাছিৰ খন আৰু আনজন মহাৰাষ্ট্ৰৰ সোমনাথ চোৱাৰাও মানে। আটকাধীন ব্যক্তি দুজনক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰ অব্যাহত ৰাখিছে।