চিৰাঙ, সংবাদ ৩৬৫, ২০ জুলাইঃ আক্ৰাছুৰ ২৪ ঘন্টীয়া অসম বন্ধত চিৰাঙত সৰ্ব্বাত্মক প্ৰভাৱ। ঠায়ে ঠায়ে বাইক জ্বলাই, মটৰ চাইকেল ভাংচুৰ তথা টায়াৰ জ্বলাই প্ৰতিবাদ। ৰাতিপুৱা ৫ বজাৰ পৰা আৰম্ভ হোৱা বন্ধত স্তব্ধ হৈ পৰে চিৰাং জিলা । চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ থাকে। ৩১ (চি) ৰাষ্ট্ৰীয় ঘাই পথত চলাচল বন্ধ থকাৰ লগতে বজাৰ সমাৰ বন্ধ থাকে । ৰাতিপুৱা ৯ বজাত জিলাখনৰ সুন্দৰিত ৩১ (চি) নং ৰাষ্ট্ৰীয় ঘাই পথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰিব লওতেই আৰক্ষীয়ে ছত্ৰ ভঙ্গ দিয়ে প্ৰতিবাদকাৰী সকলক। ইয়াৰ পিচত জিলাখনৰ বাসুগাঁও, চাপাগুৰি, কাশিকত্ৰা, চিদলী আদি কেইবাঠাইত প্ৰতিবাদ কৰিব লওতে প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে খেদি পঠায় । তাৰ পিচতে বন্ধ সমৰ্থক সকলে জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ভিতৰুৱা গাঁও অঞ্চল কদমতলিত এখন মটৰচাইকেল জ্বলাই দিয়ে । বেংতলৰ ওচৰৰ অন্ঠাইবাৰীৰ মুন্নাফ আহমেদৰ এ এচ ১৯ এ ৮৫৮১ নম্বৰৰ হিৰোহোণ্ডা পেচন বাইক জ্বলাই দিয়ে । তাৰ পিচত এংকৰবাৰীৰ শিৱ মন্দিৰৰ ওচৰত উক্ত গাঁওৰে বাসিন্দা আনছাৰ আলী মণ্ডল নামৰ এজন ব্যাক্তিৰ এ এচ ১৯ জি ৯১০৪ নম্বৰৰ ইয়ামাহা বাইক এখন ভাংচুৰ কৰাৰ লগতে ভিতৰুৱা গাঁৱলীয়া পথত কেইবাখনো মটৰচাইকেলৰ ভাংচুৰ কৰে । ভিতৰুৱা গাঁৱলীয়া অঞ্চলত আক্ৰাছু বন্ধ সমৰ্থকে কৰা উদভণ্ডালিৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হয় গঁঞা । লগে লগে আৰক্ষীক খবৰ দিয়াত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকে বন্ধ সমৰ্থক সকলক খেদি পঠিয়ায় । এই বাতৰি লিখা সময়লৈ কোনো বন্ধ সমৰ্থকক আটক কৰা নাই বুলি আৰক্ষী সুত্ৰে প্ৰকাশ ।।