যোধপুৰ, সংবাদ ৩৬৫, ৬ এপ্ৰিলঃ যোধপুৰ কাৰাগাৰত আচাৰাম বাপুৰ সৈতে নিশা কটালে বলিউডৰ টাইগাৰ ছলমান খান। ২০ বছৰ পুৰণি বহুচৰ্চিত কৃষ্ণ মৃগ চিকাৰৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত বৃস্পতিবাৰে চুপাৰষ্টাৰ ছলমান খানক ৫ বছৰৰ বাবে কাৰদণ্ডৰে দণ্ডিত কৰা হয়। যোধপুৰ আদালতে ছলমানক দোষী সাব্যস্ত কৰাৰ পিছত বৃহস্পতিবাৰে আদালতৰ পৰা যোধপুৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা বলিউডত টাইগাৰ হিচাপে পৰিচিত ছলমান খানক নিশা আচাৰাম বাপুৰ সৈতে একেটা কোঠাত থাকিবলৈ দিয়া হয়। নিশা কাৰাগাৰত ছলমানক খাবলৈ দিয়া হয় বন্ধাকবিৰ আঞ্জা, ৰুটি আৰু দালি। জানিবলৈ পোৱা মতে ছলমানে নিশা কাৰাগাৰত আহাৰ গ্ৰহণ নকৰে আৰু ওৰেটো নিশা উজাগৰে কটাই। শুক্ৰবাৰে যোধপুৰ আদালতত ছলমানৰ জামিনৰ বাবে চেষ্টা চলোৱা হয় যদিও আদালতে ছলমানক জামিন প্ৰদান নকৰাত শুক্ৰবাৰৰ নিশাও ছলমান থাকিব লাগিব কাৰাগাৰত। শনিবাৰে পুনৰ যোধপুৰ আদালত ছালমানৰ জামিনৰ শুনানি হব। আনহাতে শুক্ৰবাৰে পুৱাৰ ভাগত জামিনৰ বাবে ছলমান খানক যোধপুৰ আদালতত হাজিৰ কৰোৱাৰ সময়ত ছলমানৰ অনুৰাগী সকলে ছলমানৰ ফটো লৈ আদালতৰ বাহিৰত ভিৰ কৰা পৰিলক্ষিত হয়।