তামুলপুৰ, সংবাদ ৩৬৫, ১৭ এপ্ৰিলঃ জম্মু কাশ্মীৰৰ আচিফা নামৰ এগৰাকী আঠ বছৰীয়া কিশোৰীক অতি নিষ্ঠুৰ ভাবে ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰতিবাদত মঙলবাৰে বাক্সা জিলাৰ খন্দিকৰত এবিএমছুৰ তীব্ৰ প্ৰতিবাদ। এবিএমছুৰ তামুলপুৰ সমিতিৰ শতাধিক কৰ্মীয়ে মঙলবাৰে বন্তি প্ৰজ্বলন কৰি এক প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰি তোলে। আচিফাক ণধৰ্ষণ কৰি হত্যা কৰা নৰপিশাচ কেইজনক আতি শীঘ্ৰে ফাঁচী দিয়াৰ দাবীত এবিএমছুয়ে এই প্ৰতিবাদ সমদল উলিয়াই। ধর্ষণকাৰীৰ বিৰুদ্ধে অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে নতুন আইন প্ৰণয়ন কৰি ধৰ্ষণকাৰী সকলক সোনকালে বিচাৰ কৰি কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনায় এবিএমছুয়ে। প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে হাতে হাতে মম জ্বলাই আচিফা হত্যাকাৰীক ফাঁচী দিয়ক, আচিফাক ন্যায় দিয়ক, ধৰ্ষণকাৰী হুঁচিয়াৰ, আইন শৃংখলা ৰক্ষা কৰিব নোৱাৰা বিজেপি চৰকাৰ হায় হায়, নাৰীক সুৰক্ষা প্ৰদান কৰক শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। চৰকাৰে আচিফাৰ ধর্ষণ আৰু হত্যা কৰা লোক সকলক অতি শীঘ্ৰে ফাঁচীৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনায় অন্যথা এবিএমছুয়ে দিল্লীত গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।