বিহালী, ১৭ মেঃ নেপালৰ কাঠমাণ্ডু চহৰত অনুস্থিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে সাজু হৈছে চাৰিগৰাকীকৈ অসম সন্তান। নেপালৰ সৰ্ববৃহৎ কাৰাটে সন্থাৰ অন্যতম নেপাল ৱডোৰিঅ’ কাৰাটে সন্থাই  অহা ২৮ মে’ পৰা ৩০ মে’লৈ আয়োজন কৰা উক্ত প্ৰতিযোগিতাত ভাৰতীয় দলটোত অসমৰ চাৰি গৰাকী খেলুৱৈয়ে স্থান নিশ্চিত কৰিছে। ভাৰতৰ ৬০ জনীয়া কাৰাটে দলত স্থান লাভ কৰা অসমৰ খেলুৱৈ কেইগৰাকী ক্ৰমে হৃদয়ানন্দ দাস, পাৰ্থ প্ৰতিম ভূঞা, চিমৰণ বৰাৰ লগতে অফিছিয়েল হিচাপে নিলাক্ষী বৰাই অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিশ্বনাথ জিলাৰ হৃদয়ানন্দ দাসে থাইলেণ্ড, বাংলাদেশকে ধৰি বিভিন্ন স্থানত অনুষ্ঠিত সমৰ-কলাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৯ টাকৈ আন্তঃৰাষ্ট্ৰীয় পদক জিনিবলৈ সক্ষম হৈছে। আনহাতে ৰাষ্ট্ৰীয় সমৰ-কলাৰ প্ৰতিযোগিতাত বিভিন্ন পদক অধিকাৰী বিশ্বনাথৰ পাৰ্থ ভূঞা আৰু গুৱাহাটীৰ চিমৰন বৰাই প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ২৬ মে’ত নেপাল অভিমুখে ৰাওনা হ’বলগীয়া কাৰাটে দলটোলৈ বিভিন্ন দল-সংগঠনৰ লগতে আমি ‘সংবাদ ৩৬৫’ৰ তৰফৰ পৰাও শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সু-ফলাফল কামনা কৰিছো।