তেজপুৰ, সংবাদ ৩৬৫ , ১৭ জুলাইঃ অসম চৰকাৰ হায় হায়, বৰ্ডাৰ পুলিচ গ’বেক, বৰ্ডাৰ পুলিচৰ মইমতালি নচলিব, সৰ্বানন্দ সোণোৱাল গ’বেক, ডি-ভোটাৰৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা বন্ধ কৰক, আমছু জিন্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে ‘আমছু’ৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ বিভিন্ন জিলা সমিতিৰ লগতে শোনিতপুৰ জিলা সমিতিৰ উদ্যোগত তেজপুৰত মংগলবাৰে দিনৰ ১১ বজাত তেজপুৰ আদালত চাৰিআলিত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ স্থলী উত্তাল কৰি তোলে। ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম পূৰ্ণ গতিত চলি থকাৰ সময়তে সীমান্ত আৰক্ষীয়েধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকক ‘ডি’ ভোটাৰ সজাই এন.আৰ.চি.ৰ পৰা নাম কৰ্তন কৰাৰ লগতে কোনো ধৰণৰ তদন্ত নকৰাকৈ যধে-মধে চৰম অমানৱীয় অত্যাচাৰ চলোৱাৰ তীব্ৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে। এই দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰি জিলা উপাযুক্তৰ জৰিয়তে ভাৰতৰ গৃহমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে আমছুৱে। মংগলবাৰৰ এই অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী আমছুৰ উত্তৰ শোনিতপুৰ জিলা সমিতিৰ সভাপতি, সম্পাদকৰ নেতৃত্বত পালন কৰা হয়।