গুৱাহাটী, সংবাদ ৩৬৫, ১৯ ফেব্ৰুৱাৰীঃ যোৱা কিছুদিন ধৰি বিভিন্ন সংবাদ মাধ্যমৰ লগতে ফেচবুক, হোত্সআপত বিতৰ্কৰ সৃষ্টি কৰা আমছু নেতা আনাৰুল ইছলামে এগৰাকী নাবালিকা বিবাহ কৰোৱাৰ বাতৰিয়ে চৰ্চা লাভ কৰি থকা সময়তে আমছু নেতা গৰাকীয়ে এক স্পটীকৰণ যোগে জানিবলৈ দিয়ে যে তেওঁৰ বিৰুদ্ধে প্ৰচাৰ হোৱা বাতৰি সম্পূৰ্ণ ভিত্তিহীন। বিভিন্ন হোত্সআপ গ্ৰুপত প্ৰেৰণ কৰা স্পটীকৰণৰ জৰিয়তে আমছু নেতা গৰাকীয়ে জানিবলৈ দিয়ে যে তেওঁক লৈ বাল্য বিবাহৰ যি বাতৰি প্ৰচাৰ কৰা হৈছে এইটো তেওঁৰ বিৰুদ্ধে এক ভুৱা প্ৰচাৰ। হোত্সআপ পোষ্টৰ জৰিয়তে তেওঁ প্ৰশাস কৰে যে তেওঁ কোনোধৰণৰ বাল্যবিবাহ কৰা কৰা নাই। তেওঁৰ পিতৃ মাতৃ চাৰি মাহৰ বাবে এক ধৰ্মীয় কামৰ বাবে চলিত সপ্তাহত ভাৰতৰ বাহিৰলৈ যাব গতিকে বাহিৰলৈ যোৱাৰ পূৰ্বে পৰিয়ালৰ সদস্যই আলোচনা কৰি বিএমপি পঞ্চায়তৰ সভাপতি মো: ইদ্ৰিছ আলীৰ কন্যাক চাবলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু যোৱা শনিবাৰে ছোৱালী চাবলৈ যায়। ছোৱালী চাবলৈ গৈ তেওঁৰ পৰিয়ালৰ সদস্যসকলে ছোৱালীজনী ১৮ বছৰ সম্পূৰ্ণ নোহোৱা বুলি জানিবলৈ পাই দুয়োপক্ষই আলোচনা কৰি ছোৱালীৰ ১৮ বছৰ সম্পূৰ্ণ হোৱা পিছত বিবাহৰ দিন ঠিক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু এই ঘটনাক কিছুমান লোকে আমছু নেতাৰ বাল্য বিবাহ বুলি প্ৰচাৰ চলাই তেওঁক জনসমাজত হেয় প্ৰতিপন্ন কৰিব খোজা কাৰ্যত তেওঁ অতিকৈ মৰ্মাহত হয় বুলি স্পটীকৰণত উল্লেখ কৰে। তেওঁ লগতে আমছুৰ কেন্দ্ৰীয় কমিটিয়ে কোনোধৰণৰ তদন্ত নকৰাকৈ এক আঞ্চলিক কমিটিৰ অভিযোগৰ ভিত্তিত তেওঁক সংগঠনৰ পৰা নিলম্বন কৰাত তেওঁ আচৰিত হোৱা বুলিও প্ৰকাশ কৰে। তেওঁ আমছুৰ কেন্দ্ৰীয় কমিটিক এই ঘটনাৰ এক উচিত তদন্ত কৰি তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা সকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰুধ জনায়।