গুৱাহাটী, ১৭ এপ্ৰিলঃ বিজেপি নেতৃত্বাধীন  ৰাজ্য চৰকাৰখনে আমোলাক ৰাজ্য চলোৱাৰ দায়িত্ব দিছে৷ এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে৷ আজি কইনাধৰাত আয়োজিত এক সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, যিখন চৰকাৰে এবছৰে মন্ত্ৰীসভাই সম্প্ৰসাৰণ কৰিব নোৱাৰিলে সেই দলে কি ৰাজ্য চলাব৷ হয়তো মন্ত্ৰীৰ যোগ্য মানুহ তেওঁলোকৰ নাই নতুবা তেওঁলোকৰ মাজত অন্তঃকলহ আছে৷ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে পিছপৰা শ্ৰেণীক দৰদ দেখুৱাই বহু কথা কৈছে৷ বাস্তৱত ইয়াৰ বিপৰীত ছবি এখনহে পৰিলক্ষিত হৈছে৷ চৰকাৰখনৰ পিছপৰা শ্ৰেণীৰ প্ৰতি যদি ইমানেই দৰদ তেন্তে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰক৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, যোৱাকালি  চীনৰ ৰাষ্ট্ৰদূতে তেওঁক সাক্ষাৎ কৰি ষ্টীলৱেল পথ মুকলি কৰা সন্দৰ্ভত আলোচনা কৰে৷ তেওঁ ষ্টীলৱেল পথ মুকলি কৰাৰ ক্ষেত্ৰত চীনৰ সমৰ্থন থকাৰ কথা জানিবলৈ দিয়ে৷ লগতে ব্ৰহ্মপুত্ৰত চীনৰ বান্ধে অসমৰ কোনো ক্ষতি নকৰে বুলি চীনৰ ৰাষ্ট্ৰদূতে গৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে৷ গগৈয়ে চীনৰ এই প্ৰতিশ্ৰুতি অসমক দিয়াৰ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে৷ অসমৰ উগ্ৰপন্থীক চীনে আশ্ৰয় দিয়া নাই, এয়া এক ভূৱা অপ-প্ৰচাৰহে বুলি চীনৰ ৰাষ্ট্ৰদূতে জানিবলৈ দিয়াৰ কথা তেওঁ সদৰি কৰে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে চীনৰ ৰাষ্ট্ৰদূতৰে আলোচনা কৰা কথাখিনি শীঘ্ৰে দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰে আলোচনা কৰাৰ কথা জানিবলৈ জানিবলৈ দিয়ে৷