গুৱাহাটী, সংবাদ ৩৬৫, ১৪ ফেব্ৰুৱাৰীঃ  মিচিং জনগোষ্ঠী সকলৰ উৎসৱ সমূহৰ ভিতৰত অন্যতম উল্লেখনীয় কৃষিভিত্তিক উৎসৱ ‘আলি-আয়েঃ-লৃগাং’ বুধবাৰে পুৱাৰে পৰা ব্যাপক উলাহ মালহেৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয়। উজনিৰ পৰা নামনিলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা মিচিং জনগোষ্ঠীৰ লোকসকলে পৰম্পৰা অনুযায়ী এই উৎসৱ পালন কৰে। সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰা অনুযায়ী মিচিং সকলে তেওঁলোকৰ পূৰ্বপুৰুষক স্মৰণ কৰি সুখ শান্তি আৰু সমৃদ্ধিৰ কামনা কৰি আশীৰ্বাদ বিচাৰে। জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ নিজৰ ঘৰখনৰ লগতে দেশখনলৈ সুখ শান্তি আৰু উন্নতিৰ কামনা কৰে। যুগ যুগ ধৰি চলি অহা এই উৎসৱ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মিচিং জনগোষ্ঠীৰ বয়োজ্যেষ্ঠৰ পৰা আৰম্ভ কৰি যুৱক যুৱতী আৰু চেমনীয়াসকল আনন্দিত হৈ পৰা পৰিলক্ষিত হয়। পিছ পৰি থকা নাই মিচিং জনগোষ্ঠীৰ গৃহিনীসকল, ছাই মদ, আপং সাজু কৰিছে গৃহিনীসকলে। মিচিং ডেকা গাভৰু সকলে গুমৰাগ নৃত্য কৰি পৃথিৱীত বৰষুণ কামনা, শস্যৰ উৎপাদন বৃদ্ধি আৰু লখিমীক আদৰাৰ প্ৰস্তুতি আজিৰ পৰা আৰম্ভ কৰে। এই উৎসৱ পালন কৰি মিচিং জনগোষ্ঠীৰ লোকসকলে আজিৰ পৰা বাওধানৰ খেতি কৰা আৰম্ভ কৰিব। পূৰ্বে এই উৎসৱ ফাগুন, চ’ত নতুবা ব’হাগ মাহত পালন কৰা হৈছিল যদিও ১৯৫৫ চনৰ পৰা এই উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা হয়।