ডিগবৈৰ পৰা বিজয় সূত্রধৰ, ১২ ডিচেম্বৰঃ তিনিচুকীয়া জিলাৰ বৰডুমচা থানাৰ অন্তৰ্গত কৈলাশপুৰ পঞ্চায়তৰ হিমলুগুৰীৰ সোণজানত সোমবাৰে সন্দেহযুক্ত উগ্ৰপন্থীৰ গুলিত দুজনকৈ লোক নিহত হয়। নিহত লোক দুজনক অন্তেশ্বৰ মহন্ত (৪৩) আৰু তেওঁৰ পুত্ৰ কৰুণ মহন্ত(২৫) বুলি চিনাক্ত কৰা হয়। অন্তেশ্বৰ মহন্ত কাকপথাৰৰ কৈলাশপুৰ পঞ্চায়তৰ গাঁৱৰক্ষী বাহিনীৰ সভাপতি আছিল আৰু তেওঁৰ পুত্ৰ কৰুণ মহন্ত কাকপথাৰ আঞ্চলিক ছাত্র সংস্থাৰ প্ৰাক্তন আছু নেতা আছিল। সন্দেহযুক্ত উগ্ৰপন্থীৰ গুলিচালনাৰ ফলত অন্তেশ্বৰ মহন্ত ঘটনাস্থলীতে নিহত হয় যদিও তেওঁৰ পুত্ৰ কৰুণ মহন্তক উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়া অসমাৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয় পোৱাৰ পিছতে তেওঁৰ মৃত্যু হয়। উল্লেখ্য যে কিছুদিন পূৰ্বে আলফা (স্বাধীন)ৰ এটা দলে কোণাপথাৰ এম.বি.কে. চাহ বাগিচাত গুলীবৰ্ষণৰ ঘটনা সংঘটিত কৰিছিল। চাহ বাগিচাত হোৱা গুলিবর্ষণ ঘটনাৰ পিছত অঞ্চলটোত আৰক্ষী আৰু সেনাবাহিনীয়ে উগ্ৰপন্থীৰ সন্ধানত ব্যাপক অভিজান অব্যাহত ৰাখিছে। বৰ্তমান সমগ্র ঘটনাটোক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি, তিনিচুকীয়া জিলাৰ ছাত্র সন্থা, কাকপথাৰ ছাত্র সন্থা, অসম সংগ্ৰামী ঐক্য মঞ্চৰ কেন্দ্রীয় সমিতিয়ে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এই ঘটনাৰ লগত জড়িত ব্যক্তিসকলক অতি সোনকালৈ কৰায়প্ত কৰাৰ বাবে জিলা প্ৰশাখনক নিৰ্দেশ দিছে।