ৰঙিয়া, সংবাদ ৩৬৫, ১৭ মাৰ্চ: ৰঙিয়া চহৰত এনআৰচি’ৰ বাবে পুনৰ ৩০ বছৰৰ মূৰত মিলন ঘটিল তিনি পৰিয়ালৰ। এনআৰচি’ৰ পুনৰীক্ষণ প্ৰক্ৰিয়াই দুই ভাতৃৰ লগতে ভতিজাৰ মিলন ঘটালে ৰঙিয়া চহৰত। তিনি দশকৰ পিছত তিনি পৰিয়ালৰ মিলন ঘটাত আবেগিক হৈ পৰে পৰিয়ালৰ সদস্য সকল। দৰিদ্ৰতা বাবে বৰপেটা জিলাৰ নহাটীৰ ছয় ভাতৃৰ মাজৰ কনিষ্ঠ ভাতৃ শিৱ বৈশ্যই ৩০ বছৰ পূৰ্বে কৰ্মৰ সন্ধানত নিজ ঘৰৰ পৰা উত্তৰ গুৱাহাটীলৈ গুচি আহিছিল আৰু আন এগৰাকী ভাতৃ প্ৰভাত বৈশ্যই প্ৰায় ৪০ বছৰ পূৰ্বে পৰিয়ালৰ লগত কোনো কথাত মনোমালিন্য হৈ বকোৰ শিঙৰালৈ গুচি যায়। পৰবৰ্তী সময়ত দুয়োজন ভাতৃৰে বৰপেটাত থকা মূল পৰিয়ালৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন হৈ পৰে। কিছু বছৰ পূৰ্বে নিজৰ পৰিয়ালসহ কামৰূপ জিলাৰ বকোত বসবাস কৰা প্ৰভাত বৈশ্যৰ মৃত্যু হয়। এনআৰচি’ৰ বংশবৃক্ষৰ পুণৰ নিৰীক্ষণ চলি থকা সময়ত লিগেছী ডাটা’ৰ বাবে আটাই কেইটা পৰিয়ালক শুক্ৰবাৰে ৰঙিয়াৰ এনআৰচি কেন্দ্ৰত উপস্থিত হবলৈ নিৰ্দেশ জাৰি কৰাত দুই ভাতৃৰ লগতে পাঁচ জন ভতিজা উপস্থিত হয় ৰঙিয়াৰ এনআৰচি কেন্দ্ৰত। এনআৰচি কেন্দ্ৰত উপস্থিত হোৱাৰ পিছত সুদীৰ্ঘ ৩০ বছৰ পিছত তিনি পৰিয়ালৰ মাজত মহা মিলন ঘটে। এনআৰচি’ৰ বাবে এনেদৰে তিনি বিচ্ছিন্ন পৰিয়ালৰ মিলন ঘটাৰ দৃশ্যই কেন্দ্ৰটোৰ বিষয়া কৰ্মচাৰীৰ লগতে সকলোকে আবেগিক কৰি তোলে।