গুৱাহাটী, সংবাদ ৩৬৫, ১৭ জুনঃ এসময়ত অপৰাধীৰ একমাত্ৰ ঠিকনা থকা ঠাইখনলৈ আজি স্বাগতম জনায় দিব্যপুষ্প পদুমে। বিভিন্ন অপৰাধৰ লগত জড়িত লোক সকলক এসময়ত তেওঁলোকৰ অপৰাধৰ বাবে শাস্তি প্ৰদান কৰা ঠাইখন আজি পৰিণত হৈছে এক পদুমনীত। মহানগৰীৰ মাজমজিয়াত কংক্ৰীটৰ দেৱালৰ মাজত এসময়ত অপৰাধী সকলক আবদ্ধ কৰি ৰখা ঠাইখনত আজি লহপহকৈ ফুলিছে পংকজ। সমাজৰ দাগী অপৰাধী, হত্যাকাৰীৰ একমাত্ৰ ঠিকনা হিচাপে পৰিচিত ফাঁচীবজাৰত থকা গুৱাহাটীৰ পুৰণি কেন্দ্ৰীয় কাৰাগাৰৰ চৌহদলৈ গ’লে দেখা পাব আপোনাক স্বাগতম জনাবলৈ ৰৈ আছে এখন সুন্দৰ পদুমণি।কাৰাগাৰৰ চৌহদত লহপহকৈ ফুলি থকা পদুমে বিমোহিত কৰিছে বাটৰুৱাক। পদুমণিয়ে কাৰাগাৰৰ এসময়ৰ কলুষতাক যেন পৰিনত কৰিছে শান্ত সমাহিত এক স্থানলৈ। পৰিত্যক্ত কাৰাগাৰ চৌহদৰ ভিতৰত প্ৰকৃতিৰ অনুপম সৌন্দৰ্যই পাহৰাই পেলাইছে ঠাইডোখৰৰ পূৰ্বৰ ঠিকনাক। সদাব্যস্ত ফাঁচাবজাৰৰ মাজমজিয়াত থকা এসময়ৰ কাৰাগাৰৰ পৰিত্যক্ত চৌহদক গুৱাহাটী উন্নয়ন বিভাগে সৌন্দৰ্যবৰ্ধনৰ বাবে কেন্দ্ৰীয় উদ্যান নিৰ্মানৰ বাবে লোৱা প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ৫৮.৩৯কোটি টকা মোকলাই দিছে। শীঘ্ৰেই উক্তস্থানত জুন মাহৰ পৰা নিৰ্মানকাৰ্য আৰম্ভ হ’ব বটানিকেল গাৰ্ডেনৰ।