কমলপুৰ, ১৭ এপ্ৰিলঃ কমলপুৰৰ দ্বিগুণপাৰ গাঁৱত এটা মাছে স্থানীয় বাসিন্দাৰ মাজত কৌতুহল সৃষ্টি কৰিছে৷ কোনোদিনে নেদেখা এই মাছটোৱে আনন্দও দিছে স্থানীয় বাসিন্দাক৷ দ্বিগুণপাৰৰ উৎপল কাকতিৰ ঘৰৰ পুখুৰীত মাছ ধৰোতে উদ্ধাৰ হয় সৰ্বশৰীৰত কাঁইটযুক্ত এই মাছটো৷ পূৰ্বে কোনোদিনে নেদেখা এই মাছটো চাবলৈ উৎপল কাকতিৰ ঘৰলৈ লোক সমাগম বৃদ্ধি পাবলৈ ধৰে৷ কেইজনমান সচেতন শিক্ষিত যুৱকে কৌতুহল সৃষ্টি হোৱাত ইন্টাৰনেটত চাৰ্ছ কৰি মাছটোৰ বিষয়ে জানিব পাৰে৷ মাছটো মূলত দক্ষিণ আফ্ৰিকাৰ৷ নিৰ্মল পানীহে ইয়াৰ বসবাসৰ কাৰণে উপযোগী৷ আলংকৰিকৰ কাৰণে মাছটো ব্যৱহাৰ কৰা হয়৷অসমতো আলংকৰিকৰ কাৰণে মাছটো ব্যৱহাৰ কৰা হয়৷মানুহৰ ঘৰত থকা একুৰিয়ামৰ পৰা কোনো কাৰণবশত মাছটো বাহিৰ ওলাই পুখুৰী জলাশয়ত পৰে আৰু এনেদৰে মাছটো বংশবৃদ্ধি হ’বলৈ ধৰে বুলি স্থানীয় লোকে সন্দেহ ব্যক্ত কৰে৷