ধেমাজি, সংবাদ ৩৬৫, ১৫ ফেব্ৰুৱাৰীঃ পেলনীয়া সামগ্ৰীৰে বিভিন্ন ধৰণৰ ব্যৱহাৰৰ উপযোগী সামগ্ৰী সাজি উলিওৱা লোকৰ অৱভন নাই। এনে বহু লোক আছে যিসকলে পেলনীয়া সামগ্ৰীৰ সঠিক ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ ব্যৱহাৰৰ উপযোগী সামগ্ৰী সাজি নিজকে উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে। তেনে এক সৃষ্টিশিল মনৰ অধিকাৰী অসমৰ ধেমাজি জিলাৰ এক ভিতৰুৱা অঞ্চল এৰাধলৰ যুৱক দেৱজ্যোতি তামুলীয়ে পেলনীয়া সামগ্ৰীৰে সাজি উলিয়াইছে এক কণী উমনি দিব পৰা এনক্লেভেটৰ। কম্পিউটাৰৰ পেলনীয়া সৰু ফেন, ভঙা বাকচত প্লেনচেট মাৰি দেৱজ্যোতিয়ে সাজি উলিয়াইছে একেলগে এশ দহটা কণী উমনি দিব পৰা এক এনক্লেভেটৰ। সাধাৰণতে বজাৰত কিনিবলৈ পোৱা বিভিন্ন কোম্পানীৰ এনক্লেভেটৰ তুলনাত দেৱজ্যোতিয়ে সাজি উলিওৱা এনক্লেভেটৰ অতি কম খৰচী হোৱাৰ বাবে হাঁহ, কুকুৰা পালনৰ লগত জড়িত ব্যক্তিসকলৰ বাবে এক সুখবৰ। যিসকল ব্যক্তিয়ে হাঁহ, কুকুৰাৰ পালনৰ জড়িয়তে নিজকে স্বাৱলম্বী কৰি তুলিছে কিন্তু ধনৰ অভাৱত নিজৰ ফাৰ্মখন আগুৱাই লৈ যাবলৈ অসুবিধাৰ সন্মুখীন হৈছে তেনে ব্যক্তিয়ে দেৱজ্যোতিয়ে সাজি উলিওৱা এই এনক্লেভেটৰ সহায়ত অতি কম খৰচত নিজৰ ফাৰ্মখন আগুৱাই লৈ যাব পাৰে। ইতিমধ্যে, দেৱজ্যোতিয়ে নিজৰ এনক্লেভেটৰ সহায়ত আনৰ ঘৰৰ পৰা কণী আনি উমনি দিয়াই ঘৰতে গঢ়ি তুলিছে এক বিশাল হাঁহ, কুকুৰাৰ ফাৰ্ম। দেৱজ্যোতিৰ এই কম খৰচী উমনি দিয়া মেচিন ৰাজ্যৰ থলুৱা হাঁহ, কুকুৰা পালনৰ লগত জড়িত পালকসকল উপকৃত হব বুলি দেৱজ্যোতিয়ে আশা প্ৰকাশ কৰিছে।