কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ১ এপ্ৰিল: বৰপেটা জিলাৰ কলগাছিয়াত শনিবাৰে পোন প্ৰথমবাৰৰ বাবে মিষ্টাৰ কলগাছিয়া দেহশ্ৰী প্ৰতিযোগিতা অনুষ্ঠিত হয়। এনএলএফ জিম কলগাছিয়াৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ১২ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। যুৱচামক উৎসাহিত কৰাৰ উদ্দেশ্য আয়োজন কৰা মিষ্টাৰ কলগাছিয়া ২০১৮ দেহশ্ৰী প্ৰতিযোগিতাত ৬৫ কেজিৰ শাখাত বৰপেটাৰ নাৰায়ণ দাস, ৬০ কেজিৰ শাখাত নিতুল দাস আৰু ৫৫ কেজিৰ শাখাত কলগাছিয়া এনএলএফ জিমৰ জিয়াউৰ ৰহমান মামুন বিজয়ী হয়। এই প্ৰতিযোগিতাৰ শুভ উদ্ভধনী অনুষ্ঠানত জনীয়াৰ বিধায়ক আব্দুল খালেকো উপস্থিত থাকি প্ৰতিযোগিতাৰ দুৱাৰ মুকলি কৰে।