কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ১২ জানুৱাৰীঃ নঙলা মুখ পালেহি হেঁপাহৰ ভোগালী বিহু। ৰাজ্যত এতিয়া সকলোতে ভোগালীক আদৰাৰ প্ৰস্তুতি তুংগত। ৰাজ্যৰ চুকে কোনে ভোগালীক আদৰাৰ প্ৰস্তুতি চলি থকা সময়ত পোন প্ৰথমবাৰৰ বাবে বৰপেটা জিলাৰ কলগাছিয়াত এইবেলি দুদিনীয়া কাৰ্যসূচীৰে ভোগালী বিহু আয়োজনৰ প্ৰস্তুতি চলিছে। কলগাছিয়াৰ স্থানীয় ৰাইজ আৰু কলগাছিয়া আৰক্ষীৰ সহযোগত চলিছে ৰাজহুৱা মাঘ বিহু আয়োজনৰ প্ৰস্তুতি। এই উপলক্ষে কলগাছিয়া আৰক্ষী থানাৰ কনিষ্টবল আৰু বিষয়াসকলে ব্যস্ত হৈ পৰিছে ভেলা ঘৰৰ লাইখুটা স্থাপনত। শুক্ৰবাৰে লাই খুটা স্থাপন কৰে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অজিত কলিতা আৰু সহযোগ কৰে কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুভাষ বৈশ্যই। ১০০% শতাংশ সংখ্যালঘু প্ৰধান এলেকাত মাঘবিহু পাতিবলৈ পাই উৎসাহিত হৈ পৰিছে কলগাছিয়া আৰক্ষী থানাৰ আৰক্ষী, উদ্যোক্তা আৰু কলগাছিয়াৰ ৰাইজ।