কলগাছিয়াৰ পৰা স্বফিকুল হাচান, সংবাদ ৩৬৫, ১৯ জুলাইঃ ৰাজ্যত পুনৰ বানৰ তাণ্ডৱ৷ বানে গৰকালে কলগাছিয়াৰ পূব শওঁপুৰত আৰু চনপুৰাত বিকল্প ৰাজ্যিক ঘাই পথ ও পথৰ ওপৰত থকা পকী দলং। দলঙৰ ব্যাপক খহনীয়াৰ ফলত যাতায়ত ব্যৱস্থা অতি বিপদজনক হৈ পৰিছে। দিনে নিশাই যান-বাহন চলি থকাৰ ফলত কোনোতো সময়তেই হ’ব পাৰে ভয়ানক দুৰ্ঘটনা। বিকল্প ৰাজ্যিক ঘাই পথ নির্মাণ কোম্পানী আৰু বৰপেটা জিলা প্ৰশাসনৰ অৱহেলাৰ বাবেই কলগাছিয়াৰ পূব শওঁপুৰ আৰু চনপুৰাত বেঁকী নৈৰ খহনীয়াই কালৰূপ ধাৰণ কৰি ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে। ইয়াৰ লগতে এই খহনীয়াৰ ফলত ১২৪৭ নং পূব শওঁপুৰ প্ৰাথমিক বিদ্যালয়, এখন এম ই স্কুল, এখন অংগনৱাদি কেন্দ্ৰ আৰু এখন মছজিদ বেঁকী নৈৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে। কিয়নো বিদ্যালয় আৰু অংগনৱাদি কেন্দ্ৰৰ পৰা এক মিটাৰ দূৰত অৱস্থান কৰিছে বেঁকী নৈ। এই ক্ষেত্ৰত বিকল্প ৰাজ্যিক ঘাইপথ নির্মাণ কোম্পানী আৰু বিভাগীয় কৰ্তৃপক্ষই দলংখনৰ পশ্চিম প্ৰান্তত গাইড বান্ধৰ ব্যৱস্থা কৰিছে যদিও পূব প্ৰান্তত খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ বাবে ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। অনতি পলমে বিকল্প ৰাজ্যিক ঘাইপথ ৰক্ষা কৰাৰ বাবে অসম চৰকাৰৰ গৰকাপ্তানী বিভাগ, জনীয়া সমষ্টিৰ বিধায়ক আব্দুল খালেকৰ ওচৰত এই পথটোৰ মেৰামতি কৰি সুৰক্ষিত যাতায়ত নিশ্চিত কৰাৰ বাবে দাবী উত্থাপন কৰিছে ৰাইজে। অন্যথাই আন্দোলনৰ কাৰ্যসূচী হাতত তুলি ল’ব বুলি হুংকাৰ প্ৰদান কৰে।