কলগাছিয়া, ১৫ আগষ্টঃ বৰপেটাৰ কলগাছিয়াত ব্যাপক কাৰ্যসূচীৰে ৭১ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয় ৷ কলগাছিয়াৰ ৰাজহুৱা পথাৰত মহকুমা ভিত্তিত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ভাৰপ্ৰাপ্ত মহকুমাধিপতি অজিত কলিতাই৷ ইয়াৰ লগতে আয়োজিত মাৰ্চপাষ্টত নৱজ্যোতি মহাবিদ্যালয়ৰ এন চি চি আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ কেডেটসকলে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত মহকুমাধিপতিয়ে দেশৰ বাবে প্ৰাণ আহুতি দিয়া স্বাধীনতা আন্দোলনৰ শ্বহীদ সকলৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে। তেওঁ কলগাছিয়া গঢ় দিয়াৰ ক্ষেত্রত অহোপুৰুষাৰ্থ কৰি অহা নমস্য ব্যক্তি সকলৰ শলাগ লয় ৷ ইয়াৰ পিচতে স্বাধীনতা দিৱস উপলক্ষে মুক্তিযুঁজাৰু আৰু বিভিন্ন ক্ষেত্রত একনিষ্ঠানেৰে কৰ্তব্য পালন কৰি অহা বিশিষ্ট ব্যক্তি সকলক সম্বর্ধনা জনোৱা হয় ৷ অনুষ্ঠানত স্থানীয় বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে নৃত্য-গীত পৰিবেশন কৰে। কলগাছিয়া চিভিল মহকুমা উদযাপন সমতিৰ উদ্যোগত আয়োজিত ৭১ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানত মুক্তিযুঁজাৰু, সমাজসেৱক, বিষয়া-কৰ্মচাৰী, স্থানীয় বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী, জনীয়া সমষ্টিৰ বিধায়ক আব্দুল খালেক, প্ৰাক্তন বিধায়ক এচাহাক আলী, হাফিজ ৰফিকুল ইছলামৰ লগতে স্থানীয় লোকে অংশগ্ৰহণ কৰে।