কলগাছিয়া ২০ ছেপ্তেম্বৰঃ বৰপেটাৰ কলগাছিয়াৰ এজন চালকে নিজৰ চুইফট্ ডিজায়াৰ গাড়ীলৈ ভাড়াত যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে, কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত আমতলাৰ ৰফিকুল ইছলাম ওৰফে ৰাইজুদ্দিন কালি বিয়লি কলগাছিয়াৰ দেওকুৰাৰ পৰা নিজৰ এএছ-০১ এমএ-০৬৪৪ নম্বৰৰ চুইফট্ ডিজায়াৰ গাড়ীত দুজন অজ্ঞাত ভাৰাতীয়া লৈ গোৱালপাৰাৰ কোনো ভিতৰুৱা অঞ্চলত গৈছিল৷ ৰাইজুদ্দিনৰ সন্ধিয়া ৮ বজালৈ পৰিয়ালৰ লগত যোগাযোগ হৈছিল যদিও তাৰ পিছৰে পৰা মোবাইল ছুইছ অফ থকাৰ লগতে সম্প্ৰতি ফোন কৰিলে নম্বৰ ভুল দেখাইছে। পৰিয়ালৰ লোকে ৰাইজুদ্দিনৰ লগত যোগাযোগ কৰাত ব্যৰ্থ হৈ কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। পৰিয়ালৰ লোকে ৰাইজুদ্দিন কোনো দুৰ্বৃত্তৰ তথা গাড়ী চুৰি চক্ৰৰ কৱলত পৰা বা উগ্ৰপন্থীয়ে অপহৰণ কৰাৰ সন্দেহ কৰিছে।