কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ১৬ এপ্ৰিলঃ দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যতো দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নাৰীজনীত অপৰাধৰ ঘটনা। উত্তৰ প্ৰদেশ, জম্মু কাশ্মীৰ, গুজৰাটত সংঘটিত হোৱা ধর্ষণকাণ্ডই সমগ্ৰ দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে ৰাজ্যৰ বৰপেটা জিলাত সংঘটিত হৈছে জঘন্য ধৰ্ষণকাণ্ড। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দিগজানি গাঁৱত দেওবাৰে নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ একে গাঁৱৰে কলিম উদ্দীন নামৰ লোক এজনৰ পুত্ৰ নাচিম উদ্দীনে এগৰাকী গৰ্ভৱতী মহিলাক ধৰ্ষণ কৰা ঘটনাই অঞ্চলব্যাপী তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দেওবাৰে নিশা ঘৰত কোনো নথকাৰ সুযোগত নাচিম উদ্দীন নামৰ লম্পটজনে গৰ্ভৱতী মহিলা গৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰি থকা অৱস্থাত মহিলা গৰাকীৰ স্বামী ঘৰত উপস্থিত হয়। মহিলা গৰাকীয়ে চিঞৰ বাখৰ কৰাৰ শব্দ শুনি মহিলা গৰাকীৰ স্বামীয়ে নাচিম উদ্দীনক আটক কৰি ৰচীৰে বান্ধি ৰাখে। ধর্ষণকাৰী নাচিম উদ্দীনৰ পৰিয়ালে এই খবৰ পাই দলে বলে আহি মহিলা গৰাকীৰ স্বামীক মাৰপিট কৰি নাচিম উদ্দীনক লৈ পলায়ন কৰে। মহিলা গৰাকী আৰু তেওঁৰ স্বামীয়ে ন্যায় পোৱাৰ আশাৰে কলগছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি আৰক্ষী চকীত নাচিম উদ্দীন, কোৰবান আলী, ছবুৰ উদ্দীন, ছোৰমান আলী আৰু কালু মিয়াৰ নামত গোচৰ ৰুজু কৰে।