কাৰ্বি আংলঙ, সংবাদ ৩৬৫, ১২ জুনঃ কাৰ্বি আংলঙ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে কাৰ্বি আংলঙ জিলাৰ ডকমকাত নৃশংস হত্যাকাণ্ডৰ বলি হোৱা নীলোৎপল দাস আৰু অভিজিৎ নাথৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব ঘটনাস্থলী কাংথিলাংছ’ত। মঙলবাৰে এক সংবাদ মেল অনুষ্ঠিত কৰি তুলিৰাম ৰংহাঙে নীলোৎপল দাস আৰু অভিজিৎ নাথৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ লগতে নীলোৎপল দাস আৰু অভিজিৎ নাথৰ পৰিয়াললৈ ৫ লাখ টকাকৈ সাহায্য প্ৰদান কৰাৰ কথাও ঘোষণা কৰে। কাৰ্বি আংলঙ জিলাৰ ডকমকাত গুৱাহাটীৰ দুই যুৱক একাংশ অন্ধবিশ্বাসী লোকৰ নৃশংসতাৰ বলি হৈ মৃত্যুক সাৱটি লোৱাৰ ঘটনা সংঘটিত হোৱাৰ পিছদিনাই কাৰ্বি আংলঙ স্বায়ত্ত শাসিত পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাঙ ব্যক্তিগত স্বাৰ্থত লণ্ডনলৈ যোৱাত পৰিষদৰ মুৰব্বীজনৰ এই কাৰ্যই ছ’চিয়েল মিডিয়াটো বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ লগতে বিৰোধী দল কংগ্ৰেছেও কাৰ্বি আংলঙ মুৰব্বী তুলিৰাম ৰংহাঙ ক’ত আছে বুলি প্ৰশ্ন উত্থাপন কৰিছিল।