মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ১৭ মেঃ কামৰূপ জিলাৰ এজন কাবুলিৱালা বৃহস্পতিবাৰে উভতি গ’ল কাবুললৈ। অসমৰ মিঠা তিতা স্মৃতি বুকুতলৈ, আত্মীয়ৰ ভালপোৱা আৰু পত্নীৰ প্ৰেম এৰি সেমেকা দুচকুলৈ কাবুললৈ উভতি গ’ল কামৰূপৰ কাবুলিৱালা। ১৯৮০ খনত আফগানিস্তানৰ গৃহযুদ্ধৰ সময়ত প্ৰাণৰক্ষাৰ বাবে অসমলৈ আহিছিল শাহজাদ খন নামৰ এজন কাবুলৰ বাসিন্দা। অসমত অবৈধ ভাৱে প্ৰৱেশ কৰা শাহজাদ খানে অসমৰ যুৱতীক বিয়া কৰাই স্থায়ীভাৱে অসমতে বসবাস কৰি আছিল ১৯৮০ চনৰ পৰা। অসম আৰু অসমীয়াৰ প্ৰেমত পৰা এইজন কাবুলিৱালা যিহেতু অবৈধ নাগৰিক আছিল সেইহে ২০১৭ চনত গোৱালপাৰা জিলা প্ৰশাসনে শাহজাদ খানক বিদেশী নাগৰিকৰ গোচৰত প্ৰেৰণ কৰিছিল গোৱালপাৰা জিলা কাৰাগাৰলৈ। ২০১৭ চনৰ পৰা গোৱালপাৰা জিলা কাৰাগাৰৰ ডিটেনচন কেম্পত থাকি যোৱা ৬ মে’ৰ পৰা নিজৰ মুক্তিৰ দাবীত শাহজাদ খানে ডিটেনচন কেম্পৰ ভিতৰত আৰম্ভ কৰিছিল অনশন। শাহজাদ খান অবৈধ ভাৱে অসমত প্ৰৱেশ কৰিছিল যদিও কিছুদিন পূৰ্বে আফগানিস্তান ৰাষ্ট্ৰদূত কাৰ্যালয়ৰ পৰা শাহজাদ খানক অস্থায়ী ভ্ৰমনৰ অনুমতি পত্ৰ প্ৰদান কৰা হৈছিল আৰু এই অনুমতি পত্ৰৰ ম্যাদ আছে ১৯ মে পৰ্যন্ত। অস্থায়ী ভ্ৰমণৰ অনুমতি পত্ৰ লাভ কৰাৰ পিছতো কাৰাগাৰত বন্দী হৈ থাকিব লগীয়া হোৱাত নিজৰ মুক্তিৰ দাবীত আৰম্ভ কৰিছিল অনশন। অনশন ফলত শাহজাদ খান অসুস্থ হৈ পৰাত শাহজাদৰ পত্নীয়ে চৰকাৰক অনুৰোধ জনাইছিল শাহজাদক মুক্তি প্ৰদান কৰি আফগানিস্তানলৈ উভতাই পঠিয়াবলৈ। অৱশেষত বৃহস্পতিবাৰে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰা শাহজাদ খানক আৰক্ষীয়ে বৰঝাৰ বিমানবন্দৰৰ পৰা বিমানযোগে উভতাই পঠায় কাবুললৈ।