শিমলুগুৰি, ১১ জানুৱাৰীঃ শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ ৰামু দেওধাইগাঁৱৰ বিজিত দত্ত নামৰ এজন ব্যক্তিৰ গৃহত থকা কুঁৱাৰপৰা বৃহস্পতিবাৰে উদ্ধাৰ হয় এটি মৃত নাহৰফুটুকী বাঘ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহোঁতে কুঁৱাত পৰি নাহৰফুটুকী বাঘটোৰ মৃত্যু হোৱা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। শিৱসাগৰ জিলাৰ ৰামু দেউধাই গাৱঁত ব্যক্তি এজনৰ ঘৰত থকা গোহালিৰ পৰা বুধবাৰে নিশা ছাগলী ধৰিবলৈ আহোঁতে নাহৰফুটুকী বাঘটো কুঁৱাত পৰি যায়। বৃহস্পতিবাৰে পুৱা ঘৰৰ গৰাকীয়ে কুঁৱাৰ পৰা পানী তুলিবলৈ যাঁওতে নাহৰফুটুকী বাঘটো কুঁৱাত পৰি থকা প্ৰত্যক্ষ কৰে৷ ঘৰৰ গৰাকীয়ে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনস্থালি উপস্থিত হৈ মৃত নাহৰফুটুকী বাঘটোক কুঁৱাৰ পৰা উলিয়াই আনে।