গুৱাহাটী, সংবাদ ৩৬৫, ৬ জুলাইঃ ভাৰতীয় ছবি জগতৰ তথা তামিল, তেলেগু আৰু অন্যান্য ভাষাৰ কেইবাখনো ছবিত অভিনয় কৰা মোহময়ী আৰু জনপ্ৰিয় অভিনেত্ৰী সোণালী বেন্দ্ৰে অসুস্থ। হাই গ্ৰেদ কেঞ্চাৰত ৰোগত আক্ৰান্ত হৈ বৰ্তমান নিউইয়ৰ্কৰ এক কেঞ্চাৰৰোগ বিশেষজ্ঞ চিকিৎসালয়ত চিকিৎসাধীন সোণালী বেন্দ্ৰে। অভিনেত্ৰী গৰাকী কেঞ্চাৰ ৰোগত আক্ৰান্ত হোৱা খবৰ পাই সমগ্ৰ হিন্দী ছবি জগতখনৰ লগতে অভিনেত্ৰী গৰাকীৰ অনুৰাগী সকল দুখত ভাঙি পৰিছে। অভিনেত্ৰী গৰাকীয়ে অজয় দেৱগানৰ লগত ‘দিলজালে’, চলমান খনৰ লগত ‘হম সাঁথ সাঁথ হে’, আমিৰ খনৰ লগত ‘ছাৰফৰোস’ ছবিত কৰিছে। অভিনেত্ৰী গৰাকীয়ে ২০০২ চনত ছবি পৰিচালক গ’ল্ডী বহেলৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। বৰ্তমান অভিনেত্ৰী গৰাকীৰ সৈতে পুত্ৰ ৰনবিৰ বহেল নিউইয়ৰ্কত আছে। উল্লেখ্য যে হিন্দী ছবি জগতৰ জনপ্ৰিয় অভিনেতা ইৰফান খানো কেঞ্চাৰ ৰোগত আক্রান্ত হৈ বৰ্তমান বিদেশত চিকিৎসাধীন হৈ আছে।